পি বি এলত অভিষেক অসম কন্যা অস্মিতাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 23, 2020

পি বি এলত অভিষেক অসম কন্যা অস্মিতাৰ

গুৱাবাটী : নর্থ ইষ্টার্ন ৱাৰিয়র্ছ দলে চলিত পঞ্চম প্রিমিয়াৰ বেডমিণ্টন লীগত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত খেলা প্রথমখন মেচত দলটোৱে ৪–৩ৰ ব্যৱধানত পৰাস্ত কৰে ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু ৰেপ্ঢর্ছক৷



উল্লেখ্য যে এই মেচতেই পি বি এলত অভিষেক ঘটায় অসম কন্যা তথা দেশৰ প্রতিভাৱান শ্বাটলাৰ অস্মিতা চলিহাই৷ মহিলাৰ একক শাখাৰ মেচত বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ চাইনীজ টাইপেইৰ টাই ঝুৰ বিপক্ষে ১৫–৭, ১৫–৫ত পৰাস্ত হয় অস্মিতা৷ তথাপি দলৰ জয় আৰু পি বি এলত অভিষেক ঘটাই আনন্দিত অস্মিতাই কয়– প্রথমবাৰৰ বাবে পি বি এলত খেলাক লৈ মই উৎকণ্ঠাৰ মাজত আছিলোঁ৷ যোৱানিশা মোৰ সপোন পূর্ণ হ’ল৷ এয়া মোৰ বাবে গৌৰৱ৷ ক’টত নামি সন্মুখত টাই ঝুক দেখি স্বাভাৱিকতে চাপৰ সন্মুখীন হওঁ৷ অৱশ্যে ভয় কৰা নাছিলোঁ৷ দলৰ বিজয়ে নিজৰ ব্যর্থতাৰ পিছতো সুখ দিছে৷ উল্লেখ্য যে নর্থ ইষ্টার্ন ৱাৰিয়র্ছে কাইলৈ আৱাধে ৱাৰিয়র্ছৰে খেলিব৷

No comments:

Post a Comment

SPONSORED