মেজিৰ জুইত দাহ কৰক জাতিধবংসী আইনৰ প্রতিলিপি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 8, 2020

মেজিৰ জুইত দাহ কৰক জাতিধবংসী আইনৰ প্রতিলিপি

গুৱাহাটী : মাঘ বিহুৰ মেজিৰ জুইত জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনখনৰ প্রতিলিপি দাহ কৰক৷ আনহাতে মেজিৰ জুইত সকলোকে ক’লা আইনখনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিবলৈ আজি আহবান জনালে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ এক সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱীজনে আইনখন বাতিল নোহোৱা পর্যন্ত আন্দোলন অব্যাহত ৰখাৰ বাবে শপত ল’বৰ বাবে সকলোকে আহবান জনায়৷ লগতে জাতিধবংসী আইনখন মেজিৰ জুইত দাহ কৰি প্রতিবাদ সাব্যস্ত কৰিবলৈও আহবান জনায়৷


আনহাতে সংগঠনটোৱে অহা ২৬ জানুৱাৰীত সংবিধান সুৰক্ষা দিৱস পালন কৰাৰ কথাও ঘোষণা কৰে৷ চৰকাৰে প্রত্যক্ষভাৱে কেন্দ্র আৰু ৰাজ্যৰ মাজত এটা সংঘাত অনাৰ বাবে সংবিধান-বিৰোধী কামেৰে চেষ্টা কৰাৰ গুৰুতৰ অভিযোগো আনি সংগঠনটোৱে এনে কামৰপৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ সমিতিৰ সভাপতি ড০ গোহাঁয়ে সংবাদমেলত চৰকাৰক তীব্র সমালোচনা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন-বিৰোধী আন্দোলনত হোৱা শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ আৰু এই আন্দোলন দমন কৰাৰ নামত বন্দী কৰা সকলোকে বিনাচর্তে মুক্তি দিবলৈ দাবী জনায়৷

অসম সাহিত্য সভাক ১০ কোটি টকা অনুদান দিয়া সন্দর্ভত তেওঁ কয় যে যি দহ কোটি টকা এটা সংগঠনক প্রদান কৰিলে সেই ধনেৰে অন্ততঃ পাঁচ লাখ থলুৱা লোক জীৱন-জীৱিকাৰ ক্ষেত্রত উপকৃত হ’লহেঁতেন৷ এই কাম নকৰি চৰকাৰে এটা সংগঠনক অযাচিতভাৱে ইমান বৃহৎ ধন দিয়া কথা কি ধৰণৰ নীতি বুলিও তেওঁ প্রশ্ন কৰে৷ নগাঁও আৰু কাছাৰ কাগজ কল সন্দর্ভত চৰকাৰে লোৱা স্থিতিৰ তীব্র সমালোচনা কৰি তেওঁ কয় যে চৰকাৰে অসমৰ উদ্যোগ প্রতিষ্ঠান ব্যৱসায়ীৰ হাতত বিক্রী কৰিছে৷

No comments:

Post a Comment

SPONSORED