প্রতিবাদৰ সন্মুখীন হোৱাৰ ভয়ত গুৱাহাটীত খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে মোদীয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 8, 2020

প্রতিবাদৰ সন্মুখীন হোৱাৰ ভয়ত গুৱাহাটীত খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে মোদীয়ে

গুৱাহাটী : জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনক লৈ অসমৰ পৰিস্থিতি আজিও উত্তপ্ত হৈ থকাৰ বাবেই অহা দহ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নিৰাপত্তাৰ দিশটোৰ লগতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিয়েই প্রধানমন্ত্রীৰ কার্যালয়ে মোদীৰ এই ভ্রমণ সূচী বাতিল কৰিছে৷ 


জানিব পৰা মতে, খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব সৰুসজাই ষ্টেডিয়ামত৷ ইতিমধ্যে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদকে ধৰি বহুকেইটা দল-সংগঠনে প্রধানমন্ত্রী যদিহে অসমলৈ আহে তেনেহ’লে প্রতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে৷ 

নহাতে, কেন্দ্রীয় চোৰাংচোৱায়ো প্রধানমন্ত্রীৰ এই ভ্রমণ কালত অসমত প্রতিবাদ অধিক তীব্রতৰ হোৱাৰ শংকা ব্যক্ত কৰিছিল৷ ইয়াৰ পাছতেই কেন্দ্রীয় চৰকাৰে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শেষত প্রধানমন্ত্রীৰ এই ভ্রমণসূচী বাতিলৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রণিধানযোগ্য যে, ইয়াৰ পূর্বে নাগৰিকত্ব সংশোধনী আইনখনক লৈ অসমৰ পৰিস্থিতি অগ্নিগর্ভ হৈ পৰাৰ বাবেই যোৱা ১৫ ডিচেম্বৰৰ পৰা জাপান আৰু ভাৰতৰ প্রধানমন্ত্রীদ্বয়ৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বৈঠকখনো স্থগিত ৰখা হৈছিল৷

No comments:

Post a Comment

SPONSORED