২০২০ বর্ষত একাংশ ম’বাইল ফ’নত হোৱাটছ এপে কাম নকৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 8, 2020

২০২০ বর্ষত একাংশ ম’বাইল ফ’নত হোৱাটছ এপে কাম নকৰে

ৱেব সংবাদ : পহিলা জানুৱাৰীৰ পৰা একাংশ স্মার্ট ফ’নত হোৱাটছ এপ কৰিব পৰা নাযাব পাৰে৷ কাৰণ সেইসমূহ ফ’নৰ অপাৰেটিং ছিষ্টেম বহু পুৰণা৷ ফলত হোৱাটছ এপ উক্ত ফ’নসমূহত নকৰিব পাৰে৷ উক্ত তালিকাত উইণ্ড’জৰ ফ’নৰ উপৰি একাংশ এণ্ড্রয়ড আৰু আই অ’ এছ অপাৰেটিং ছিষ্টেম ফ’নো আছে৷


 হোৱাটছ এপে ঘোষণা কৰিছে– কোনো উইণ্ড’জ ফ’নেই পহিলা জানুৱাৰীৰ পৰা হোৱাটছ এপৰ ছাপ’র্ট নাপাব৷অর্থাৎ উক্ত ফ’নবোৰত হোৱাটছ এপে কাম নকৰিব৷ অনেক এপে আগেয়ে উইণ্ড’জ ভার্ছনৰ ছাপ’র্ট দিয়া বন্ধ কৰি দিছে৷ ফলত সেই এপসমূহে উইণ্ড’জ ফ’নত কাম নকৰা হ’ল৷ শেষ পর্যন্ত হোৱাটছ এপেও আৰু ছাপ’র্ট নিদিব বুলি ঘোষণা কৰিছে৷ আনহাতে কিছুমান পুৰণা এণ্ড্রয়ড আৰু আই অ’ এছ অপাৰেটিং ছিষ্টেমতো হোৱাটছ এপৰ ছাপ’র্ট বন্ধ কৰাৰ কথা ঘোষণা কৰিছে৷

এণ্ড্রয়ড ২.৩.৭ বা তাৰ আগৰ ভার্ছনৰ ফ’নত হোৱাটছ এপৰ ছাপ’র্ট পোৱা নাযাব৷ এণ্ড্রয়ডৰ এই পুৰণা ভার্ছনসমূহত হোৱাটছ এপৰ সেৱা বন্ধ হ’ব পহিলা ফেব্রুৱাৰীৰ পৰা৷ একেদৰে আই অ’ এছ ৮ বা তাৰ আগৰ ভার্ছনৰ ফ’নসমূহত হোৱাটছ এপ বন্ধ হ’ব৷

উল্লেখযোগ্য যে ‘আই অ’ এছ-৮’ ২০১৫ চনৰ আগষ্টত মুকলি কৰা হৈছিল৷ এই অপাৰেটিং ছিষ্টেমত হোৱাটছ এপৰ সেৱা পোৱা নাযাব৷ ইয়াৰসেৱা পহিলা ফেব্রুৱাৰীৰ পৰা বন্ধ হ’ব৷ যদিহে আপুনি পুৰণা ম’বাইল ফ’নৰ গৰাকী নহয়, তেনেহ’লে আপোনাৰ কোনো চিন্তা নাই৷ নতুন এণ্ড্রয়ড ফ’নসমূহৰ সকলো এণ্ড্রয়ড ৮ অথবা ৯ ভার্ছনৰ৷ একেদৰে এপল আইফ’ন ৪ এছতো এই পর্যন্ত আই এছ অ’ ৯ চলি আছে৷

No comments:

Post a Comment

SPONSORED