গোটেই অসমত স্বাস্থ্য সেৱাৰ বিশাল ভেটি স্থাপন কৰা হৈছে৷ প্রতি বছৰে দুখনকৈ মেডিকেল কলেজৰ নির্মাণকার্য আৰম্ভ কৰিব চৰকাৰে৷ আগন্তুক দুই-তিনিটা বর্ষত ডিফু, লখিমপুৰ, ধুবুৰী, নগাঁও, নলবাৰী, তিনিচুকীয়া, বিশ্বনাথ চাৰিআলিকে ধৰি বিভিন্ন স্থানত কেইবাখনো মেডিকেল কলেজ সম্পূর্ণ হৈ উঠিব৷ এই ঘোষণা বিত্ত, স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷
আজি গুৱাহাটী মেডিকেল কলেজৰ প্রেক্ষাগৃহত এন এইচ এমৰ অধীনত ৭২৮গৰাকী ষ্টাফ নার্ছ আৰু ৪০০গৰাকী ছার্ভেইলেঞ্চ ৱর্ৰক নিযুক্তি পত্র বিতৰণ কৰি মন্ত্রী ড০ শর্মাই স্বাস্থ্য খণ্ডৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয় যে ১৯খন কেন৲ছাৰ হস্পিটেলৰ নির্মাণৰ কামো আৰম্ভ হৈছে৷ ৯খনৰ নির্মাণকার্য দ্রুতগতিত আগবাঢ়িছে৷
স্বাস্থ্য মন্ত্রীগৰাকীয়ে কয়, ‘আজিৰ দিনটো অতি আনন্দৰ দিন৷ ২০০৬ চনৰ পৰা জি এন এম উত্তীর্ণবিলাকক নার্ছ হিচাপে সংস্থাপন দি অহা হৈছে৷ প্রতি বছৰে উত্তীর্ণসকলক নিযুক্তি দিয়া হৈছে৷ প্রধানমন্ত্রী মোদীয়ে স্বাস্থ্য বিভাগত সবাতোকৈ বেছি গুৰুত্ব দিছে৷ আয়ুষ্মান ভাৰত আঁচনিয়ে সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে৷ এই আঁচনিৰ অধীনত ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্রদান কৰা হৈছে৷ নার্ছিংহোমতো দুখীয়া লোকৰ বাবে চিকিৎসা বিনামূলীয়া হ’ব৷
ইতিমধ্যে কিডনীৰ বিনামূলীয়া ডায়েলাইছিছৰ সুবিধা দিয়া হৈছে৷’ মন্ত্রী ড০ শর্মাই জনায় যে চৰকাৰী চিকিৎসালয়ত আজি পর্যন্ত ১০ লাখ ৰোগীৰ এক্সৰে, ৪ লাখৰ চিটি স্কেন আৰু ২৭ লাখৰ তেজ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে৷ অটল অমৃত অভিযানৰ দ্বাৰা ৰাজ্যত ৭০ হাজাৰ ৰোগী উপকৃত হৈছে৷ ৰাজ্য চৰকাৰে বিনামূলীয়া চিকিৎসা ব্যয় হিচাপে সংশ্লিষ্ট চিকিৎসালয়সমূহক ১০০ কোটি টকা আদায় দিছে৷ জননী সুৰক্ষা যোজনাৰ অধীনত বছৰি ৫ লাখ মাতৃ উপকৃত হৈছে বুলিও কয় মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ চৰকাৰী চিকিৎসালয়ত প্রসৱৰ সংখ্যা বাঢ়িছে বুলি কয় স্বাস্থ্য মন্ত্রীগৰাকীয়ে৷ ‘২০০৫ চনত ২২ শতাংশ প্রসূতিয়ে চৰকাৰী চিকিৎসালয়ত সন্তান প্রসৱ কৰিছিল৷
No comments:
Post a Comment