কেন্দ্রলৈ মধ্যস্থতাকাৰী প্রেৰণ কৰিব আলফাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, February 01, 2020

কেন্দ্রলৈ মধ্যস্থতাকাৰী প্রেৰণ কৰিব আলফাই

আলোচনাৰ বাবে আনুষ্ঠানিক পত্র পালে কেন্দ্রীয় চৰকাৰলৈ মধ্যস্থতাকাৰী প্রেৰণ কৰিব আলফা (স্বাধীন)-এ৷ আলোচনাৰ পথ সম্পূর্ণ মুকলি কৰাৰ বাবে প্রেৰণ কৰিব মধ্যস্থতাকাৰী৷ কিন্তু এই মধ্যস্থতাকাৰী প্রতিনিধি কোন হ’ব? এক সূত্রৰ পৰা জানিব পৰা মতে আলফাই পুনৰ গঠন কৰিব পীপলছ কনছালটেটিভ গ্রুপ চমুকৈ পি চি জি৷ পি চি জি পুনৰ গঠন কৰি আলোচনা প্রক্রিয়া আগবঢ়াব আলফা স্বাধীনে৷ অৱশ্যে তাৰ পূর্বে আলফাই পাব লাগিব আনুষ্ঠানিক পত্র৷


আলোচনাৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰা আনুষ্ঠানিক পত্র পালে ভংগ হৈ থকা পি চি জি পুনৰ গঠন কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে আলোচনাত অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কংগ্রেছ চৰকাৰৰ কার্যকালত ২০০৫ চনতে আলোচনাৰ স্বার্থত আলফাই পি চি জি গঠন কৰিছিল৷ পি চি জি গঠনৰ সময়ত আলফাত বিভাজন হোৱা নাছিল৷ অর্থাৎ অৰবিন্দ ৰাজখোৱা, শশধৰ চৌধুৰী, ৰাজু বৰুৱাকে ধৰি প্রায়কেইজন শীর্ষ নেতা ঐক্যবদ্ধ হৈ আছিল৷

আলফা ঐক্যবদ্ধ হৈ থকাত বিভিন্ন ক্ষেত্রৰ ব্যক্তিক লৈ সংগঠনটোৱে আলোচনাৰ স্বার্থত গঠন কৰিছিল পি চি জি৷ পি চি জিৰ প্রধান মধ্যস্থতাকাৰী আছিল মামণি ৰয়ছম গোস্বামী আৰু ৰেৱতী ফুকন৷ কিন্তু আশ্চর্যকৰ কথা যে আলফাৰ দাবীৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে সার্বভৌমত্বৰ বিষয়ক লৈ আলোচনা কৰিবলৈ ইচছুক নোহোৱাত পি চি জিয়ে প্রায় তিনিবাৰ আলোচনাত বহিও আলফা-চৰকাৰৰ মাজত আলোচনাৰ দুৱাৰ মুকলি কৰিবলৈ সক্ষম নহ’ল৷

যাৰ পৰিপ্রেক্ষিতত আলফাই ভংগ কৰে পি চি জি৷ ২০০৫ চনত গঠন হোৱা পি চি জি প্রায় ২০১১ চনৰ পৰা নিষ্ত্রুিয় হৈ পৰে৷ পৰৱর্তী সময়ত সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত সংগঠনটোৰ ভালেকেইজন শীর্ষ নেতা আলোচনাৰ বাবে আগবাঢ়ি অহাত বিভাজন হয় আলফাত৷ পৰেশ বৰুৱাই নামকৰণ কৰে আলফা (স্বাধীন)৷ অর্থাৎ আলোচনাৰ বাবে আগবাঢ়ি অহাসকলৰ সংগঠন আলফা হৈয়ে থকাৰ বিপৰীতে পৰেশ বৰুৱা নেতৃত্বাধীন সংগঠনটো আলফা (স্বাধীন) হিচাপে পৰিচিত হয়৷

সংগঠনটোত বিভাজন হোৱাৰ পাছত আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্রীয় চৰকাৰ বহুবাৰ আলোচনাত বহে৷ সম্প্রতি তেওঁলোকৰ আলোচনা চূড়ান্ত পর্যায়ত থকা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷ সেইদৰে সভাপতি অৰবিন্দ ৰাজখোৱায়ো কেন্দ্রীয় চৰকাৰৰ লগত হোৱা আলোচনাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে৷ কিন্তু এটা সংগঠনৰ এটা ফৈদৰ লগত আলোচনা কৰিলে সমস্যাৰ সমাধান নহয় বাবে পৰেশ বৰুৱা নেতৃত্বাধীন সংগঠনটোৰ লগত আলোচনা বিচাৰিছে আলফাই৷

এই সন্দর্ভত ৰাজ্য চৰকাৰেও কিছু পদক্ষেপ গ্রহণ কৰিছে আৰু পৰেশ বৰুৱায়ো সংবাদ মাধ্যমযোগে আলোচনাৰ বাবে কিছু সঁহাৰি জনাইছে৷ তাৰ মাজতে আলফাই পি চি জি পুনৰ গঠন কৰিব বুলি চর্ চলিছে৷ অৱশ্যে পি চি জি পুনৰ গঠন কৰিলে পূর্বৰ সদস্যসকল থাকিব নে নাই সেয়া এই মুহূর্তত অস্পষ্ট হৈ আছে৷ পি চি জি পুনৰ গঠন সন্দর্ভত পূর্বৰ দুই-এজন সদস্যৰ লগত যোগাযোগ কৰা হৈছিল যদিও তেওঁলোক এই সন্দর্ভত অজ্ঞতা প্রকাশ কৰিছে৷

No comments:

Post a Comment

SPONSORED