অখিল গগৈক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 11, 2020

অখিল গগৈক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ

গুৱাহাটী : কা-বিৰোধী আন্দোলনক খেলপথাৰৰ পৰা ৰাজপথলৈ আনিবলৈ আদালত চৌহদৰ পৰা ৰাইজক আহ্বান জনালে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে৷ আজি চানমাৰিত থকা ‘নিয়া’ৰ আদালতত হাজিৰ কৰোৱা হৈছিল কাৰাবন্দী অখিল গগৈক৷ ১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাত আজি আদালতত হাজিৰ কৰোৱা হৈছিল যদিও আদালতে গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

অখিল গগৈৰ লগতে কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ অন্য নেতাকেইজনকো ‘নিয়া’ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে আটাইকেইজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আদালতত হাজিৰ হোৱাৰ সময়ত জনতাক উদ্দেশ্যি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে উচচস্বৰে কয় যে আন্দোলন খেলপথাৰত চলি থাকিলে চৰকাৰে জনতাৰ প্রতিবাদী কণ্ঠ মানিবলৈ বাধ্য নহ’ব৷ সেয়ে কা-বিৰোধী আন্দোলন খেলপথাৰৰ পৰা ৰাজপথলৈ আনিবলৈ আহ্বান জনায়৷ কা-বিৰোধী সংগ্রামত জিকিব নোৱাৰিলে অসমত অসমীয়া ভগনীয়া হ’ব বুলিও মন্তব্য কৰি অখিল গগৈয়ে কয় যে আন্দোলনকাৰীৰ মাজত বিভাজন আহিব নালাগে৷

বিভাজন নোহোৱাকৈ সকলোৱে ঐক্যবদ্ধ হৈ আন্দোলন আগুৱাই নিবলৈ আহ্বান জনাই কয় যে কোনো কাৰণতে যাতে অসমীয়া জাতি বিশ্বাসঘাতকতাৰ বলি হ’ব লগা নহয়, সেই দিশৰ প্রতি চকু দিব লাগিব৷ আন্দোলনৰ জৰিয়তে চৰকাৰক বাধ্য কৰাব নোৱাৰিলে চৰকাৰে কেতিয়াও কাম কৰি নিদিয়ে বুলি মন্তব্য কৰি কা-বিৰোধী আন্দোলন তীব্রতৰ কৰি চৰকাৰক বাধ্য কৰাবলৈ আহ্বান জনায়৷ অখিল গগৈৰ স্পষ্ট মন্তৱ্য– ‘চৰকাৰক বাধ্য কৰাব পৰা আন্দোলন এতিয়াও হোৱা নাই৷

আন্দোলন শক্তিশালী হ’ব লাগে৷’ অখিল গগৈক আজি আদালতত হাজিৰ কৰোৱাৰ সময়ত একাংশ সমর্থকে জয় আই অসম ধবনিৰে আদালত চৌহদ কঁপাই তোলে৷ কৃষক নেতা অখিল গগৈক আদালতলৈ অনাৰ সময়ত ড০ হীৰেন গোহাঁই, হাইদৰ হুছেইন, অদীপ ফুকনকে ধৰি একাংশ ব্যক্তি তেওঁৰ কাষত উপস্থিত হয়৷ অখিল গগৈ কাৰাবন্দী হৈ থাকিবলগীয়া হোৱাৰ সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি ড০ গোহাঁয়ে কয়– ‘কা-বিৰোধী আন্দোলনৰ গইনা লৈ এটা বিশেষ চামৰ নেতাক আটক কৰি ৰখা হৈছে৷ ইয়াৰ আঁৰত কি ৰাজনীতি আছে ভাবিবলগীয়া৷’


ইফালে নিয়াই অখিল গগৈক যোৰহাটৰ পৰা গুৱাহাটীলৈ আনি আদালতত হাজিৰ কৰোৱা পর্যন্ত কিয় হেণ্ডকাফ লগোৱা হৈছিল সেই সন্দর্ভত তদন্তকাৰী সংস্থাটোৱে আদালতত স্থিতি স্পষ্ট কৰিছে৷ যোৰহাটৰ পৰা হেলিকপ্টাৰেৰে অখিল গগৈক গুৱাহাটীলৈ অনাৰ সময়ত হেলিকপ্টাৰৰ পাইলটৰ নিৰাপত্তৰ খাতিৰত অখিল গগৈক হেণ্ডকাফ লগাই অনা হৈছিল বুলি তদন্তকাৰী সংস্থাটোৱে আদালতক অৱগত কৰাইছে৷

উল্লেখযোগ্য যে অখিল গগৈক হেণ্ডকাফ লগাই অনা বিষয়টোক লৈ আদালতৰ দ্বাৰস্থ হৈছিল গগৈৰ পত্নী গীতাশ্রী তামুলী৷ উক্ত অভিযোগৰ পাছত বিষয়টোৰ সন্দর্ভত স্থিতি স্পষ্ট কৰিবলৈ আদালতে নিয়াক নির্দেশ দিছিল৷ আদালতৰ সেই নির্দেশমর্মে অখিল গগৈক হেণ্ডকাফ লগাই অনাৰ যুক্তি ‘নিয়া’ই আদালতত দাঙি ধৰে৷

No comments:

Post a Comment

SPONSORED