আলফা স্বাধীনলৈ পেঙেৰীৰ সমীৰণ সোণোৱাল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 11, 2020

আলফা স্বাধীনলৈ পেঙেৰীৰ সমীৰণ সোণোৱাল

পেঙেৰী : পুনৰ আলফা স্বাধীনলৈ গ’ল পেঙেৰীৰ নগাপথাৰ এন চি গাঁৱৰ সমীৰণ সোণোৱাল নামৰ এজন যুৱক। সমীৰণ সোণোৱালে নিজৰ ফেচবুক একাউণ্টত চৰকাৰৰ কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি আলফা স্বাধীনত যোগদান কৰাৰ কথা অৱগত কৰিছে আৰু অসমীয়া তথা অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ হ’লে আলফা স্বাধীনৰ বিকল্প পথ নাই বুলিও উল্লেখ কৰি আন যুৱকসকলক যোগদান কৰিবলৈ আহ্বান জনাইছে।

তিনিবছৰৰ পূৰ্বে সমীৰণ সোণোৱালৰ সম্বন্ধীয় ককায়েক মাধুৰ্য্য সোণোৱালে আলফা স্বাধীনত যোগদান কৰিছিল। ইফালে, নিজৰ পুত্ৰৰ আলফাত যোগদানৰ খবৰ লাভ কৰাৰ পাচতেই কান্দি কান্দি নিজ পুত্ৰক উভতি আহিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, মাত্ৰ এটা মাহ পূৰ্বে পেঙেৰীৰ বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈয়ে কাবিৰোধী আন্দোলনৰ পৰা পোনে পোনে আলফাত যোগদান কৰাৰ পাচতেই পুনৰ সমীৰণে সোণোৱাল আলফা স্বাধীনত যোগদান কৰা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি হৈছে পেঙেৰীত।

No comments:

Post a Comment

SPONSORED