দিল্লী নিৰ্বাচন : কেজৰিৱালক টুইট কৰি শুভেচ্ছা মমতা বেনাৰ্জিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 11, 2020

দিল্লী নিৰ্বাচন : কেজৰিৱালক টুইট কৰি শুভেচ্ছা মমতা বেনাৰ্জিৰ

নতুন দিল্লী : ৰাজধানী দিল্লীত আম আদমী পাৰ্টিৰ বিজয়ৰ সংকেতৰ মাজতেই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জিয়ে শুভেচ্ছা দিলে অৰবিন্দ কেজৰিৱালক। মমতা বেনাৰ্জিয়ে টুইট কৰি লিখিলে- “অৰবিন্দ কেজৰিৱাললৈ শুভেচ্ছা, দিল্লীৰ বৰ্তমানৰ অৱস্থায়ে কৈছে আম আদমী পাৰ্টিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব। কেৱল জনতাৰ সেৱা কৰাসকলেই পুৰষ্কাৰ লাভ কৰিব।“


উল্লেখ্য যে বৰ্তমানলৈকে উলোৱা ফলাফলে দিল্লীত আম আদমী পাৰ্টিৰেই চৰকাৰ গঠনৰ সম্ভৱনাৰ কথা সূচাইছে। দোপৰীয়া ১.৩০ বজালৈকে ৫৮ খন আসনত আপ আৰু মাত্ৰ ১২ খন আসনতহে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।

No comments:

Post a Comment

SPONSORED