মহিলাৰ প্ৰস্ৰাৱগাৰত গোপনে ফোন ৰখাৰ অপৰাধত আটক হ’ল অধ্যাপক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 20, 2020

মহিলাৰ প্ৰস্ৰাৱগাৰত গোপনে ফোন ৰখাৰ অপৰাধত আটক হ’ল অধ্যাপক

মাদ্ৰাছ : এক আচৰিত ঘটনাই জোকাৰি গৈছে আইআইটি মাদ্ৰাছ। বুধবাৰে সন্ধিয়া আইআইটি মাদ্ৰাছৰ কেম্পাছৰ এটা মহিলা প্ৰস্ৰাৱগাৰৰ ভিতৰত এগৰাকী সহকাৰী অধ্যাপকে গোপনে নিজৰ মোবাইল ফোন ৰাখিবলৈ চেষ্টা কৰোতেই হাতে-লোটে ধৰা পৰে।


ঘটনা অনুসৰি এগৰাকী ৩০ বছৰীয়া গৱেষক ছাত্ৰীয়ে যেতিয়া প্ৰস্ৰাৱগাৰলৈ গৈছিল, তেতিয়া খিৰিকীৰ কাষত এটা মোবাইল ফোন কেমেৰা ‘অন মোড’ত পালে। যাৰ পাছতে সুৰক্ষা কৰ্মীক ছাত্ৰীগৰাকীয়ে মাতি অনাৰ পাছতে এই ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে আটাকাধীন অধ্যাপক গৰাকীৰ নাম সুভম বেনার্জি। লগতে তেওঁ এয়েৰ’স্পেচ ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক বুলি আৰক্ষীয়ে চিহ্নিত কৰিছে।

No comments:

Post a Comment

SPONSORED