মেচ ফিক্সিঙৰ সৈতে জড়িত পাক ক্ৰিকেটাৰ ওমৰ আকমল নিলম্বিত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, February 20, 2020

মেচ ফিক্সিঙৰ সৈতে জড়িত পাক ক্ৰিকেটাৰ ওমৰ আকমল নিলম্বিত

ইছলামাবাদ : ‘মেচ ফিক্সিং আৰু পাকিস্তান ক্ৰিকেট’ দুয়োটাৰে যেন পূৰ্বৰ পৰাই কিবা এক সম্পৰ্ক আছে। কাৰণ মেচ ফিক্সিঙৰ সৈতে জড়িত হৈ নিলম্বিত হৈছে পাকিস্তান ক্ৰিকেট দলৰ বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰ। পিচে এইবাৰো এনে এক অনুৰূপ ঘটনাই পোহৰলৈ আহিছে। প্ৰবীণ পাকিস্তানী ক্ৰিকেটাৰ ওমৰ আকমলো এইবাৰ মেচ ফিক্সিঙৰ সৈতে সাঙোৰ খাই পৰিছে।


পাকিস্তানৰ হৈ ২২১ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশ লোৱা ওমৰ আকমলক ইতিমধ্যে পাকিস্তান ক্ৰিকেট বৰ্ডে (Pakistan Cricket Board) তৎকালিনভাৱে নিলম্বন কৰিছে। যাৰ বাবে খেলুৱৈগৰাকীয়ে যেতিয়ালৈকে এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে কোনোধৰণৰ খেলতে অংশ ল’ব নোৱাৰিব। উল্লেখ্য যে ২৯ বছৰীয়া ওমৰ আকমলে পাকিস্তান দলৰ হৈ এই পৰ্যন্ত ২ বাৰকৈ এদিনীয়া বিশ্বকাপ আৰু ৪ বাৰকৈ টি-২০ বিশ্বকাপত খেলিছে।

No comments:

Post a Comment

SPONSORED