দেশত পুনৰ আমাৰ চৰকাৰ হ’লে ব্রহ্মপুত্রত উটুৱাই দিম ‘কা’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 20, 2020

দেশত পুনৰ আমাৰ চৰকাৰ হ’লে ব্রহ্মপুত্রত উটুৱাই দিম ‘কা’

বাইহাটা চাৰিআলি : ‘দেশত কংগ্রেছ দল শাসনলৈ আহিলে জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনখন ব্রহ্মপুত্রৰ য’ত বেছি সোঁত আছে তাতেই উটুৱাই দিয়া হ’ব৷’


এই মন্তব্য দলটোৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটৰ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী, ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ বাগিচাৰ মজদুৰক মজুৰি বৃদ্ধি আদিৰ দাবীত আজি বাইহাটা চাৰিআলিত কংগ্রেছে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্রা কার্যসূচী ৰূপায়ণ কৰে৷ কমলপুৰ ব্লক কংগ্রেছ আৰু বিহদিয়া জাজিকোনা ব্লক কংগ্রেছৰ উদ্যোগত অনুষ্ঠিত কৰা কার্যসূচীত বাইহাটা চাৰিআলি পৰিবহণ নিগম কার্যালয়ৰ পৰা পদযাত্রা কৰি কমলপুৰ ৰাজীৱ ভৱনলৈ যায়৷

এই পদযাত্রাত অংশগ্রহণ কৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়া, প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী নন্দিতা দাস, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক হৰিশ পাটোৱাৰীকে ধৰি কেইবাগৰাকী ৰাজ্যিক নেতৃত্ব৷ পদযাত্রাৰ আৰম্ভণিতে আয়োজন কৰা সভাত ভাষণ দি ৰিপুন বৰাই বিজেপি চৰকাৰে কংগ্রেছৰ কামকে চূণ-তেল সানি উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই ফুৰিছে বুলি কটাক্ষ কৰে৷


No comments:

Post a Comment

SPONSORED