নতুন ৰাজনৈতিক দল ! ন ন দোকান খুলিলে পুৰণা দোকানৰহে বিক্ৰী ভাল হয় : অতুল বৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 19, 2020

নতুন ৰাজনৈতিক দল ! ন ন দোকান খুলিলে পুৰণা দোকানৰহে বিক্ৰী ভাল হয় : অতুল বৰা

গোলাঘাট : ‘কা’বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বিস্ফোৰণ। মাত্ৰ ১৫ দিন আন্দোলন কৰি ৰাজনৈতিক দল গঠন কৰিব বিচৰা বিষয়টো অসমৰ ৰাইজে বিচাৰ কৰিব বুলিও মন্তব্য কৰে অগপ সভাপতিগৰাকীয়ে। বুধবাৰে গোলাঘাটত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নতুন ৰাজনৈতিক দল গঠন বিষয়টোত সোচ্চাৰ হৈ পৰে কৃষিমন্ত্ৰী গৰাকী।


 এক দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত অসম আৰু অসমীয়া মানুহৰ হৃদয়ত স্থান লাভ কৰা একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপ গঠন হৈছিল আৰু অসম গণ পৰিষদ আজিৰ দিনত আঞ্চলিকতাবাদী দলৰ স্তম্ভ বুলি কয় অতুল বৰাই। জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আৰু চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই অলপতে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে জিলা পৰ্যায়ৰ সমিতি গঠন কৰি যোৱাৰ পাছত অগপলৈ প্ৰত্যাহ্বান আহিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী গৰাকীয়ে কয় নতুন দোকান খুলিলে পুৰণা দোকানখন অধিক ভালকৈহে চলে। ইফালে, গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এখন চৰকাৰী সভালৈ যাওঁতে গোলাঘাট জিলা ছাত্ৰ সন্থাই ক’লা পতাকা জোকাৰি প্ৰতিবাদ সাব্যস্ত কৰে যদিও মন্ত্ৰীগৰাকীয়ে কয় বেয়া বস্তু নাচাবা , বেয়া কথা নুশুনিবা আৰু বেয়া নক’বা।

No comments:

Post a Comment

SPONSORED