দিল্লী : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। দুয়োৰে এই সাক্ষাতৰ সময়ত বহু কেইটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰতো আলোচনা কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। এই সন্দৰ্ভত কেজৰিৱালে সাংবাদিকৰ আগত কয় যে – “আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে খুব ভাল সাক্ষাৎ আছিল।
এই সময়ছোৱাত আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিলো। লগতে আমি এইটো কথা মানি লৈছো যে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে লগ হৈ কাম কৰিলেহে দিল্লীৰ বিকাশ আৰু উন্নয়ন সম্ভৱ হৈ উঠিব।” ইপিনে ২৪ ফেব্ৰুৱাৰীৰ পৰা সংসদৰ অধিৱেশন আৰম্ভ হ’ব বুলিও মন্তব্য কৰে কেজৰিৱালে।
No comments:
Post a Comment