অখিল গগৈক সাক্ষাৎ যোগেন্দ্র যাদৱৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 15, 2020

অখিল গগৈক সাক্ষাৎ যোগেন্দ্র যাদৱৰ

গুৱাহাটী : চিন্তাবিদ তথা ৰাজনৈতিক বিশ্লেষক যোগেন্দ্র যাদৱে আজি সাক্ষাৎ কৰে কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈক৷ অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ কাৰাৰুদ্ধ আনকেইগৰাকী নেতাকো সাক্ষাৎ কৰে৷ যোগেন্দ্র যাদৱৰ লগতে বাওঁপন্থী যুৱ নেতা অভিক সাহায়ো সাক্ষাৎ কৰে অখিল গগৈক৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ গৈ অখিল গগৈক সাক্ষাৎ কৰি গগৈক বন্দী কৰি ৰখা কার্যক যাদৱে সমালোচনা কৰে৷ প্রকৃতার্থত অখিল গগৈৰ আন্দোলনক চৰকাৰে ভয় কৰিহে এনেকৈ নিয়াৰ গোচৰত কাৰাবন্দী কৰি ৰখাৰ অভিযোগ কৰে৷ তেওঁ কয় যে অখিল গগৈ কেৱল অসমতেই নহয়, সমগ্র দেশতে এতিয়া জনাজাত৷


অখিল গগৈৰ নেতৃত্বত হোৱা আন্দোলনে গতি লোৱা বাবে চৰকাৰ শংকিত হৈ গগৈক আবদ্ধ কৰি ৰখাৰ অভিযোগ আনে৷ কা-বিৰোধী আন্দোলনৰ সময়ত গ্রেপ্তাৰ হৈ কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ ধৈর্য কোঁৱৰকে ধৰি অন্যান্য নেতাকেইজনকো যোগেন্দ্র যাদৱে সাক্ষাৎ কৰি অসমত গঢ় লৈ উঠা কা-বিৰোধী আন্দোলনৰ বুজ লয়৷ ইফালে, মাওবাদীৰ লগত সম্পর্ক থকাৰ অভিযোগত নিয়াই গ্রেপ্তাৰ কৰা বিষয়টোৰ সন্দর্ভতো কৃষক মুক্তি সংগ্রাম সমিতিৰ কাৰাবন্দীৰ নেতৃত্বৰ সৈতে যোগেন্দ্র যাদৱে আজি মত বিনিময় কৰে৷

No comments:

Post a Comment

SPONSORED