উপেন্দ্ৰনাথ ৰাভা আৰু ছোঁবাহান মেমোৰিয়াল ট্ৰফী টুৰ্ণামেণ্টৰ ফাইনেল মেচত হাতীধুৰা বাজাৰ এলিভেনৰ জয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 2, 2020

উপেন্দ্ৰনাথ ৰাভা আৰু ছোঁবাহান মেমোৰিয়াল ট্ৰফী টুৰ্ণামেণ্টৰ ফাইনেল মেচত হাতীধুৰা বাজাৰ এলিভেনৰ জয়

তামাৰহাট : অসম-বংগ সীমান্ত ধুবুৰী জিলাৰ তামাৰহাট বৰজানস্থিত মানৱ সেৱা আশ্ৰম"ৰ খেলপথাৰত অনুষ্ঠিত উপেন্দ্ৰনাথ ৰাভা আৰু ছোঁবাহান মেমোৰিয়াল ট্ৰফী টুৰ্ণামেণ্টৰ ষোল্লদলীয় ক্ৰিকেট প্ৰতিযোগিতাৰ খনৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। ধুবুৰী জিলাৰ হাতীধুৰা বাজাৰ এলিভেন আৰু জে, ডি, ব্লাষ্টেৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। জে, ডি, ব্লাষ্টেৰ ক্ৰিকেট দলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু কুৰি অভাৱ খেলি আঠ ইউকেত হেৰুৱাই ৯৩ ৰাণৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।


প্ৰতিউত্তৰত হাতীধুৰা বাজাৰ এলিভেন দলে ছয় ইউকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। হাতীধুৰা বাজাৰ এলিভেনৰ হৈ খেলা অৰুণ বাষ্পৰে মেন অফ দা মেচ লাভ কৰে। মেন অফ দা শিৰিশ লাভ কৰে জে, ডি, ব্লাষ্টেৰ ক্ৰিকেট দলৰ হৈ খেলা বাপপু ভূঞাই। উল্লেখ্য যে নৱজ্যোতি ফাৰ্মাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতা খনত প্ৰথম পুৰুস্কাৰ হিচাপে ৬১ হাজাৰ টকা আৰু ট্ৰফী আৰু দ্বিতীয় পুৰুস্কাৰ হিচাপে ২১ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়। আনহাতে উক্ত প্ৰতিযোগিতাখনৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা সকলো জাতি ধৰ্মৰ লোকৰ মাজত ভাতৃতভাব বৃদ্ধি হব বুলি আয়োজক কমিটিয়ে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment

SPONSORED