তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাটৰ কামানডাঙ্গাত পালন হৈছে ইছলাম ধৰ্মী দেশী মুছলমানৰ পুষ্ণা উৎসৱ। শনিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সাংসদ, অসমৰ ধুবুৰী জিলা কমিটি আৰু কামানডাঙ্গা আঞ্চলিক কমিটিৰ উদ্যোগত আয়োজিত "পুষ্ণা উৎসৱ" অনুষ্ঠানত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পন, জনগোষ্টিটোৰ সংস্কৃতি বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে। লগতে পুৱাৰে পৰা পিঠা পনা খোৱা, জনগোষ্ঠীটোৰ প্ৰিয় খাদ্য ছেকা দি ভোজ খোৱা হয়। আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ইমদাদুল খন্দকাৰ। মুকলি সভাত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি এম ইনামুল হকে অসমৰ খিলঞ্জীয়া দেশী মুছলমান সকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে চৰকাৰৰ প্ৰতি আহবান জনায়। আনহাতে দেশী মুছলমান সকলৰ জৰীপৰ ব্যবস্থা, কোচৰাজবংশী সকলৰ দৰে দেশী মুছলমানৰ বাবে উপগ্ৰহীয় কাউঞ্চিলৰ দাবী উত্থাপন কৰে হকে। মুকলি সভাত আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় তথা বিশিষ্ট ব্যক্তি সকলে দেশী মুছলমান সকলৰ কৃষ্টি সংস্কৃতিৰ ওপৰত ভাষন প্ৰদান কৰে।
Responsive Ads Here
Sunday, February 02, 2020

পুষ্ণা উৎসৱত : উপগ্ৰহীয় কাউঞ্চিলৰ দাবী সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment