খাইৰুল হকক গুলীয়াই হত্যা : আততায়ী কোন ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 23, 2020

খাইৰুল হকক গুলীয়াই হত্যা : আততায়ী কোন ?

ওদালগুৰি : ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তর্গত নিজ গৰুৱাঝাৰৰ নিকটৱর্তী শিমলাগুৰি গাঁৱৰ ক্ষুদ্র ব্যৱসায়ী তথা গৰুৱাঝাৰ প্রাইমাৰী বি পি এফ সমিতিৰ সদস্য খাইৰুল হক (৫০) নামৰ লোকজনক ভূটিয়াচাঙত ননৈ নদীৰ দলঙত অচিনাক্ত আততায়ীয়ে প্রায় ৬-৩০ বজাত গুলীয়াই হত্যা কৰা কার্যত সমগ্র অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে আজি হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰে৷ প্রথম অৱস্থাত হত্যাকাৰীক কৰায়ত্ত নকৰা পর্যন্ত পথ অৱৰোধ অব্যাহত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে৷ পাছত প্রশাসন আৰু সচেতন ৰাইজৰ বুজনিত উঠায় লয়৷ ইফালে মৃত খাইৰুল হকৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে মৃতকৰ শিক্ষিত কন্যাক চৰকাৰী সংস্থাপন দিয়াৰ দাবী জনাইছে এ বি এমছুৱে৷


 ইয়াৰ পাছতে বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে ঘটনাৰ বুজ ল’বলৈ গৰুৱাঝাৰত উপস্থিত হৈ মৃত বি পি এফ কর্মীজনৰ বাসগৃহত মৃতদেহত শ্রদ্ধাঞ্জলি জনায়৷ বি টি চি প্রধানজনে সাংবাদিকক কয় যে বি পি এফ কর্মী খাইৰুল হক ৰাজনৈতিক ষড়যন্ত্রত হত্যাৰ বলি হৈছে আৰু এই হত্যাকাণ্ডত হীৰা শৰণীয়াৰ দল জড়িত বুলি বিস্ফোৰক মন্তব্য কৰে৷ প্রতিটো নির্বাচনৰ পূর্বে এনে ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হৈ আহিছে বুলি কৈ তেওঁ কয় বর্তমান বড়ো জনগোষ্ঠীৰ হাতত কোনোধৰণৰ অস্ত্র-শস্ত্র নাই৷ ইতিমধ্যে সকলো অস্ত্র চৰকাৰক জমা দিছে৷ এতিয়া অস্ত্র আছে অস্ত্র বিৰতিত থকা হীৰা শৰণীয়াৰ দলৰ হাতত আৰু এই ঘটনাত হীৰা শৰণীয়াৰ মানুহ জড়িত হৈ আছে বুলি দৃঢ়তাৰে দাবী কৰি এই ঘটনাত জড়িত দুর্বৃত্তক গ্রেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনায়৷ তেওঁ দল-সংগঠনক শান্তি-সম্প্রীতি অটুট ৰখাৰ আহবান জনায়৷

 ভেৰগাঁও জিলা বি পি এফৰ সভাপতি মহেশ্বৰ বড়ো, বিধায়িকা কমলী বসুমতাৰী, বি টি চিৰ উপাধ্যক্ষ নেৰচন বড়ো আদি নেতা উপস্থিত থাকি অঞ্চলটোত শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ বজাই ৰখাৰ আহবান জনায়৷ মৃতকৰ পৰিয়ালত সাংসদ নৱ শৰণীয়া উপস্থিত হৈ মৃতকৰ প্রতি শেষ শ্রদ্ধাঞ্জলি জনাই এই গুলীচালনাৰ ঘটনাৰ সৈতে সাংসদ নৱ কুমাৰ শৰণীয়া জড়িত থকা বুলি হাগ্রামা মহিলাৰীয়ে অভিযোগ কৰা সংক্রান্তত তীব্র প্রতিক্রিয়া প্রকাশ কৰি সাংসদজনে কয় যে হাগ্রামাৰ প্রতিক্রিয়াত তীব্র আশ্চর্য প্রকাশ কৰি সাংসদজনে বি পি এফে প্রকৃত দোষী যাতে সাৰি যায় তাৰ বাবে গোটেই বিষয়টোত ৰাজনৈতিক ৰহন সানি নৱ শৰণীয়াক অপযশ দিবলৈ উঠি-পৰি লগাৰ অভিযোগ তুলি হাগ্রামা মহিলাৰীয়ে কৰা অভিযোগৰ বাবে তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷

No comments:

Post a Comment

SPONSORED