টীয়ক : টীয়কৰ জগদুৱাৰত অসম গণ পৰিষদ দলৰ এক সাংগঠনিক সভাত অংশ লোৱাৰ বাবে উপস্থিত হৈ শনিবাৰে বিয়লি অসম চৰকাৰৰ কৃষি মন্ত্রী অতুল বৰা সন্মুখীন হয় এক ভয়াৱহ পৰিস্থিতিৰ৷ বিয়লি মন্ত্রীগৰাকী জগদুৱাৰৰ লক্ষী ফিল্ডত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত ভাগ ল’বলৈ অহা সময়তে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত মন্ত্রীগৰাকীক শতাধিক আছু কর্মীয়ে ক’লা পতাকা প্রদর্শন কৰে৷ সেই সময়তে একাংশ অগপ কর্মীয়ে মন্ত্রীগৰাকীক আদৰণি জনাই অগপ জিন্দাবাদ ধবনি দিয়াও পৰিলক্ষিত হয়৷
এফালে আদৰণি, আনফালে মুর্বাদ ধবনিৰ সময়তে আছু আৰু অগপ কর্মীৰ মাজত সৃষ্টি হয় প্রচণ্ড হতাহতি৷ যাৰ ফলত ৰাষ্ট্রীয় ঘাইপথতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ আনহাতে, আছুৰ অভিযোগ অনুসৰি অগপৰ একাংশ নেতাই হাতত ইটা লৈ প্রহাৰ কৰিবলৈ উদ্যত হয় বুলি জানিবলৈ দিয়ে৷ অৱশ্যে, এই সময়ছোৱাত পূর্বৰ পৰা সষ্টম হৈ থকা আৰক্ষী-অর্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ তাৰ বিপৰীতে কিছু সময়ৰ পাছতে সাংবাদিকৰ আগত দিয়া মন্তব্যত মন্ত্রীগৰাকীয়ে এনে আন্দোলনক তাচিছল্য কৰা পৰিলক্ষিত হয়৷ তেওঁৰ মতে, উক্ত সময়ত কোনো আন্দোলন-প্রতিবাদ নেদেখিলে৷ মন্ত্রীগৰাকীৰ মতে, তেওঁৰ মাতৃয়ে কোৱা মতকে অনুকৰণ কৰি কয়– তেওঁ বেয়া নাচায়, বেয়া নুশুনে৷ সেয়েহে, আন্দোলনবোৰ নেদেখে৷ বিয়লি হোৱা এনে প্রতিবাদ কংগ্রেছ দলৰ প্রৰোচনাত হৈছে বুলিও মত দিয়ে৷ ইয়াৰ উপৰি, তেওঁ কয় যে ডিচেম্বৰৰ তুলনাত বর্তমান পৰিস্থিতি পৰিৱর্তন হৈছে, সংকল্প সমাৰোহসমূহতো লক্ষ লক্ষ মানুহ হৈছে৷
No comments:
Post a Comment