ৰহা : ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ৰহাৰ খাইগড়ত থকা টোলগে’টখন পুনৰ মুকলি কৰিবলৈ আগ বাঢ়িছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু চৰকাৰ৷ ইতিমধ্যে চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথটোত থকা খালবোৰ মেৰামতি কৰাৰ লগতে ৰাষ্ট্রীয় ঘাইপথটোৰ ডিভাইডাৰত ৰং দিয়া, পথৰ কাষৰ জংঘল চাফা কৰাৰ লগতে টোলগে’টখনত ৰং কৰি মুকলি কৰিবলৈ সাজু কৰি তুলিছে যদিও কোনো কাৰণতে টোলগে’ট মুকলি কৰিবলৈ নিদিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷
ইয়াৰ পৰিপ্রেক্ষিততে আজি প্রতিবাদত উত্তাল হ’ল ৰহাৰ টোলগে’টথলী৷ চৰকাৰে টোলগে’ট পুনৰ মুকলি কৰিবলৈ যো-জা চলোৱাৰ বিৰুদ্ধে আৰম্ভ হ’ল এই প্রতিবাদ৷ প্রতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সম্পাদক পলাশ চাংমায়ে টোলগে’ট বন্ধ কৰিব বুলি হুংকাৰ দিয়ে৷ ৰাজ্য চৰকাৰে ৰাষ্ট্রীয় ঘাইপথৰ টোলগে’ট পুনৰ মুকলি কৰাৰ সিদ্ধান্তক লৈ পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ হাতে হাতে বেনাৰ, ফেষ্টুন লৈ টোলগে’ট বন্ধ কৰিবলৈ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
কার্যসূচীৰ অন্তত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি ৰাণা প্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাই স্বাক্ষৰিত এখন স্মাৰক-পত্র নগাঁও জিলাৰ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রীলৈ প্রেৰণ কৰে৷ জিলাৰ উপায়ুক্তৰ হৈ নির্বাচন বিষয়া ৰাজ বৰুৱাই গ্রহণ কৰা স্মাৰক-পত্রত টোলগে’ট খুলিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ৰহাৰ পৌৰ এলেকাৰ কাষত থকা টোলগে’ট সম্পূর্ণ অবৈধ আৰু বে-আইনী আখ্যা দি এই টোলগে’ট বন্ধৰ আহবান জনায়৷
আনহাতে ২০১৮ চনৰ ২২ জুলাইত আলোচনাৰ পাছত টোলগে’ট সম্পর্কে চৰকাৰৰ লগত বিভিন্ন প্রতিবাদকাৰী দল-সংগঠন আৰু ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ ত্রিপাক্ষিক আলোচনাত যি সিদ্ধান্ত লোৱা হৈছিল, সেই আলোচনা নোহোৱাকৈ টোলগে’ট কেনেকৈ আৰম্ভ কৰিব বুলি প্রশ্ন তুলি কোনো কাৰণতে ৰহাৰ টোলগে’ট আৰম্ভ কৰিবলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে৷
উল্লেখযোগ্য যে ২০১৫ চনৰ ১৬ এপ্রিলত প্রথমবাৰৰ বাবে ৰহা টোলগে’ট মুকলি কৰা হৈছিল যদিও বিভিন্ন সংগঠনৰ প্রতিবাদত প্রশাসনে টোলগে’ট বন্ধ কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু ২০১৮ চনৰ ১২ জুলাইত সংগঠনসমূহৰ প্রতিবাদ নেওচি প্রশাসনে পুনৰ ৰহাৰ টোলগে’ট মুকলি কৰিছিল৷ যোৱা ২২ জুলাইত কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদকে ধৰি বহুকেইটা সংগঠনৰ তীব্র আন্দোলনত টোলগে’ট বন্ধ কৰিবলৈ বাধ্য হৈছিল প্রশাসন৷
সকলো সংগঠনৰ লগত এখন ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছিল যদিও সেয়া আজিও নহ’ল৷ যাৰ বাবে তেতিয়াৰ পৰা বর্তমান পর্যন্ত বন্ধ হৈ আছে ৰহাৰ টোলগে’ট৷ কিন্তু আকৌ টোলগে’ট প্রসংগ উত্থাপন হোৱাত তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷ প্রণিধানযোগ্য যে সম্পূর্ণভাৱে চাৰিলেনযুক্ত পথ নির্মাণ নোহোৱা পর্যন্ত আৰু নীতিবহির্ভূতভাৱে ৰহাৰ পৌৰ সভাৰ অন্তর্গত হোৱাৰ বাবে এই টোলগে’ট মানি লোৱা নহ’ব বুলি যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সম্পাদক পলাশ চাংমায়ে স্পষ্ট কৰি দিয়ে৷
No comments:
Post a Comment