ছাৰ্জিল ইমাম : সাংবাদিক,বুদ্ধিজীৱী আৰু অধ্যাপকৰে যোগাযোগ, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, February 22, 2020

ছাৰ্জিল ইমাম : সাংবাদিক,বুদ্ধিজীৱী আৰু অধ্যাপকৰে যোগাযোগ, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

গুৱাহাটী : দেশৰ পৰা অসমক পৃথক কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰা ছাৰ্জিল ইমামক মাৰাথন জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য। ২০১৬ চনত গুৱাহাটীলৈ আহিছিল ছাৰ্জিল ইমাম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকক সাক্ষাত কৰিছিল দেশদ্ৰোহী ছাৰ্জিলে।


 গুৱাহাটীৰ এজন সাংবাদিকৰ সৈতে যোগাযোগ কৰিছিল লগতে বৰপেটা আৰু গোৱালপাৰা চৰ অঞ্চললৈ গৈছিল ছাৰ্জিল। আনহাতে এই ক্ষেত্ৰত ছাৰ্জিলক সহায় কৰিছিল সাংবাদিক আৰু অসমৰ এজন বুদ্ধিজীৱীয়ে। আটাইৰে সৈতে ফোনত যোগাযোগ ৰাখিছিল ছাৰ্জিলে। দেশদ্ৰোহী ছাৰ্জিলে যোগাযোগ ৰখা অধ্যাপক, সাংবাদিক আৰু বুদ্ধিজীৱীয়ো আহিব তদন্তৰ আওঁতালৈ। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। ৪দিনৰ বাবে অসম আৰক্ষীৰ জিম্মাত থকা ছাৰ্জিলক অসম আৰক্ষীয়ে চলাই থকা জেৰাত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব বুলি সন্দেহ কৰা হৈছে।

No comments:

Post a Comment

SPONSORED