ৰঞ্জন গগৈক ল’ কমিছন অব ইণ্ডিয়াৰ অধ্যক্ষ নিযুক্তি দিবলৈ দাবী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2020

ৰঞ্জন গগৈক ল’ কমিছন অব ইণ্ডিয়াৰ অধ্যক্ষ নিযুক্তি দিবলৈ দাবী

গুৱাহাটী : অসম চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই অসমৰ চিৰসেউজ লাম্পিৰ ভূখণ্ডক লৈ বিগত দিন ধৰি তীব্র উত্তেজনাই বিৰাজ কৰি আহিছে৷ যোৱা ১৯ ফেব্রুৱাৰীৰ পৰা অসমৰ লাম্পীত অসমৰ এটা বি অ’ পি স্থাপনক কেন্দ্র কৰি লাম্পীত অব্যাহত আছে তীব্র উত্তেজনা৷ আজি লাম্পিত হাতে হাতে দা, খুকুুৰি, লাঠী, জোং লৈ দুই ৰাজ্যৰ সমর্থকৰ যুযুধান স্থিতি দেখিবলৈ পোৱা যায়৷

অসমৰ ভূমিত কোনো কথাতে অসমৰ বি অ’ পি স্থাপন কৰিবলৈ নিদিয়ে মেঘালয়ে৷ উল্লেখযোগ্য যে বিগত দিন ধৰি অসম-মেঘালয় সীমান্তৰ চিৰসেউজ ভূখণ্ড নেতা অশ্বিনী উপাধ্যায়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এই সন্দর্ভত এখন পত্র প্রেৰণ কৰি জনাইছে যে অৱসৰপ্রাপ্ত ন্যায়াধীশ গগৈ হৈছে ‘ল কমিছন অব৲ ইণ্ডিয়া’ৰ অধ্যক্ষ পদৰ বাবে এজন যোগ্য ব্যক্তি৷ যদিহে কেন্দ্রীয় চৰকাৰে গগৈৰ দৰে এজন যোগ্য ব্যক্তিক উক্ত সন্মানীয় পদটোত অধিষ্ঠিত কৰায়, তেনেহ’লে সমগ্র দেশবাসী উপকৃত হ’ব বুলিও পত্রখনত উল্লেখ কৰিছে উপাধ্যায়ে৷

প্রণিধানযোগ্য যে ২০১৮ চনৰ ৩১ ডিচেম্বৰত ন্যায়াধীশ বলবিৰ সিং চৌহানে ‘ল কমিছন অব৲ ইণ্ডিয়া’ৰ অধ্যক্ষৰ পদৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷ তেতিয়াৰে পৰাই উক্ত পদটো খালী হৈ আছে৷ প্রণিধানযোগ্য যে উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা গগৈয়ে বিগত বর্ষৰ ১৭ নৱেম্বৰত অৱসৰ গ্রহণ কৰিছিল৷ গগৈ হৈছে প্রথম অসম তথা উত্তৰ-পূর্বাঞ্চলৰ সন্তান, যি উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মানীয় পদটোত প্রথমবাৰৰ বাবে অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল৷

ইয়াৰ পূর্বে অসমৰ বহুকেইজন সন্তান উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল যদিও মুখ্য ন্যায়াধীশৰ পদত কোনো অধিষ্ঠিত হোৱা নাছিল৷ ১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্মগ্রহণ কৰা গগৈয়ে আইনী জগতখনত খোজ দিছিল ১৯৭৮ চনত৷ গুৱাহাটী উচচ ন্যায়ালয়ত প্রথমতে কর্মজীৱন আৰম্ভ কৰা গগৈ ২০০১ চনৰ ২৮ ফেব্রুৱাৰীত গুৱাহাটী উচচ ন্যায়ালয়ৰে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়৷ ইয়াৰ পাছত ২০১০ চনত তেওঁ পঞ্জাব আৰু হাৰিয়ানা উচচ ন্যায়ালয়লৈ বদলি হৈ আহে৷

২০১১ চনৰ ৯ ছেপ্টেম্বৰত তেওঁ উক্ত ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়৷ ২০১২ চনৰ ২৩ এপ্রিলত গগৈয়ে উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০১৮ চনৰ তিনি অক্টোবৰত মুখ্য ন্যায়াধীশ হিচাপে শপত লয়৷ গগৈয়ে মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত ৰাম মন্দিৰকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ ৰায়দান কৰিছিল৷

No comments:

Post a Comment

SPONSORED