ছয় নং দফা : ২৫ ফেব্রুৱাৰীত উপস্থিত নাথাকে আছু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2020

ছয় নং দফা : ২৫ ফেব্রুৱাৰীত উপস্থিত নাথাকে আছু

গুৱাহাটী : অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সমিতিৰ পৰা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ পৰিৱর্তে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেপ্রতিবেদন গ্রহণ কৰাৰ সময়ত সদৌ অসম ছাত্র সন্থাৰ নেতৃবর্গ উপস্থিত নাথাকে৷ অহা ২৫ ফেব্রুৱাৰীত দিছপুৰত সমিতিৰ পৰা প্রতিবেদন গ্রহণৰ সময়ত মুখ্যমন্ত্রী আৰু সোণোৱাল মন্ত্রী সভাৰ সকলো কেবিনেট মন্ত্রী উপস্থিত থাকিব৷ছয় নং দফা ৰূপায়ণ সমিতিৰ পৰা কেন্দ্রীয় গৃহ মন্ত্রীয়ে প্রতিবেদন গ্রহণ কৰি লগে লগে ৰূপায়ণৰ প্রতিশ্রুতি দিয়া হৈছিল যদিও মূৰকত গৃহ মন্ত্রীয়ে অসমৰ মুখ্যমন্ত্রীকহে প্রতিবেদন ল’বলৈ কর্তৃত্ব দিয়ে৷


 কালি ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদমেলত সোণোৱাল মন্ত্রী সভাৰ কেবিনেট মন্ত্রীসকল উপস্থিত থাকি সমিতিৰ পৰা প্রতিবেদনখন গ্রহণ কৰি লগে লগে কেন্দ্রীয় গৃহ মন্ত্র্যালয়লৈ প্রেৰণ কৰিব বুলি ঘোষণা কৰিছে যদিও প্রতিবেদন দাখিলৰ সময়ত উপস্থিত নাথাকে সমিতিৰ অন্যতম সদস্য সদৌ অসম ছাত্র সন্থাৰ নেতৃবর্গ৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে প্রতিবেদন দাখিলৰ সময়ত কোন উপস্থিত থাকে সেইটো ডাঙৰ কথা নহয়, প্রতিবেদনখন কার্যকৰী কৰাটোহে মূল কথা৷ সমিতিৰ সদস্য হিচাপে প্রতিবেদন প্রস্তুত কৰাৰ কাম হৈ গ’ল৷ ৰাজ্যৰ জাতীয়, জনগোষ্ঠীয় সংগঠন, ব্যক্তিৰ মতামতসমূহ প্রতিবেদনখনত প্রতিফলিত হৈছে৷ এতিয়া এই প্রতিবেদনখন মর্যাদা সহকাৰে গ্রহণ কৰি কার্যকৰী কৰিব লাগে৷ দিছপুৰত ছয় নং দফা ৰূপায়ণ সমিতিয়ে প্রতিবেদন দাখিল কৰাৰ সময়ত আছু উপস্থিত থকাৰ প্রশ্নই নুঠে বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদকজনে৷

No comments:

Post a Comment

SPONSORED