কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2020

কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই

গুৱাহাটী : বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই কংগ্ৰেছত যোগদান কৰিব। আজি পুৱাই কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক সাক্ষাত কৰি শৰ্মাই দেশৰ ভিতৰতে পুৰণি দলটোত আনুষ্ঠানিক ভাৱে যোগাদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পাছত দুপৰীয়া বাৰ বজাত তেওঁ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ সৈতে গৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা দলৰ সংগঠনৰ দায়িত্বত থকা কে বেনুগোপালক দেখা কৰে।


 প্ৰণিধানযোগে ২০১৪ চনত তেজপুৰ লোক সভা সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈ অহা শৰ্মাই বিগত লোক সভা নিৰ্বাচনত দলৰ প্ৰাৰ্থীত্ব লাভ কৰা নাছিল। ইয়াৰ পাছতেই তেওঁ বিজেপি ত্যাগ কৰিছিল যদিও তেওঁ আন কোনো দলত যোগদান কৰা নাছিল।বিজেপি ত্যাগ কৰাৰ পাছত আজি বিজেপিৰ প্ৰাক্তন সাংসদজেন কংগ্ৰেছত যোগদান কৰাৰ বাবে লোৱা সিদ্ধান্ত বিশেষ লক্ষ্যনীয় হৈ পৰিছে।

No comments:

Post a Comment

SPONSORED