জনতাৰ ৭০ শতাংশ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে বিজেপি : ৰঞ্জিত দাসে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, February 17, 2020

জনতাৰ ৭০ শতাংশ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে বিজেপি : ৰঞ্জিত দাসে

যোৰহাট : সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সাংগঠনিক সভাত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক নিৰ্বাচনত লক্ষ্যত উপনীত হ’ব বুলি মন্তব্য কৰে। আগন্তুক ২১ ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টী। ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া উজনিৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল।


সোমবাৰে এই সভাতেই ৰাজ্যিক সভাপতিগৰাকীয়ে আগন্তুক দিনসমূহত বিজেপি মিত্ৰজোঁটৰ বাহিৰে অন্য দলৰ দখলত থকা সমষ্টিসমূহত অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰে। পূৰ্বে নগাঁৱৰ চামগুৰিত সাংগঠনিক সভা কৰাৰ লগতে সোমবাৰে তিতাবৰ আৰু মৰিয়নি সমষ্টিৰ লগতে ক্ৰমাগতভাৱে শিৱসাগৰ আৰু গোলাঘাটৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিসমূহত সাংগঠনিক ভেটি শক্তিশালী কৰিব বুলিও উল্লেখ কৰে ৰঞ্জিত দাসে।

ইতিমধ্যে অসমৰ জনতাৰ ৭০ শতাংশ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখৰ পৰা মণ্ডল পৰ্যায়ৰ সকলো কাৰ্যকৰ্তা আকুণ্ঠ সহযোগিতাৰ বাবেই আগন্তুক দিনত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৰঞ্জিত দাসে।

No comments:

Post a Comment

SPONSORED