২১ নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন দখল কৰিব, যিটো কৈছোঁ সেইটোৱে হ’ব : হিমন্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, February 17, 2020

২১ নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন দখল কৰিব, যিটো কৈছোঁ সেইটোৱে হ’ব : হিমন্ত

যোৰহাট : সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা বিজেপিৰ বিশেষ সাংগঠনিক সভাত উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা, বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগত নিৰ্বাচন সন্দৰ্ভত যিটো ফলাফল কৈছোঁ সেয়াই হ’ব বুলি উল্লেখ কৰে। আগন্তুক নিৰ্বাচনক লৈ নাগৰিকত্ব সংশোধনী আইনবিৰোধী সংগঠনসমূহে চলাই থকা আন্দোলনে ৰাজনৈতিক ভাৱে কোনো প্ৰভাৱ পেলাব নোৱাৰে যদিহে তেওঁলোকক সক্ৰিয় ভাৱে ৰাজনীতিত নাহে – এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।


শেহতীয়াভাৱে হৈ যোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে অসমত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় কিয়নো অসমৰ নিৰ্বাচনৰ ফলাফলেও কেতিয়াও দিল্লীত প্ৰভাৱ পেলোৱা নাছিল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ‘কংগ্ৰেছ আৰু বিজেপিয়ে কিবা এটা ক’লে প্ৰভাৱ পৰিব পাৰে ৰাজনীতিত , কংগ্ৰেছ ক’লে আমি উত্তৰ দিম , আমি ক’লে কংগ্ৰেছে উত্তৰ দিব। কিন্তু কাবিৰোধী আন্দোলনকাৰীৰ বক্তব্যই ৰাজনীতিত কিবা প্ৰভাৱ পেলাব বুলি মই নাভাবো। এই আন্দোলনখনক তেওঁলোকে যদি ৰাজনৈতিক ফ’ৰামলৈ নিব বিচাৰিছে তেতিয়া নিশ্চয় প্ৰভাৱ পৰিব।’ – এইদৰে কাবিৰোধী আন্দোলনকাৰীসকলক উদ্দেশ্য কৰি ২০২১ নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন দখল কৰিব বুলিও উল্লেখ কৰি আহিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED