শ্ৰীমন্ত শংকৰদেৱ : ছচিয়েল মিডিয়াত অপপ্ৰচাৰ লুৰিণজ্যোতি গগৈৰ মন্তব্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 04, 2020

শ্ৰীমন্ত শংকৰদেৱ : ছচিয়েল মিডিয়াত অপপ্ৰচাৰ লুৰিণজ্যোতি গগৈৰ মন্তব্য

গুৱাহাটী : শ্ৰীমন্ত শংকৰদেৱক লৈ অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। বোকাখাতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ ৰণশিঙা কাৰ্যসূচীত কৰা মন্তব্যৰ কাৰণে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ কৰা মন্তব্যৰ পিছতেই ধিক্কাৰৰ সন্মুখীন হৈছে লুৰিণজ্যোতি গগৈ। 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কওঁতে এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ কথা কোৱা বুলি বহুতেই সমালোচনা কৰিছে লুৰিণজ্যোতিক। ‘কা’ বিৰোধী সমাৱেশত আছু নেতাজনে প্ৰথমবাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ক’বলৈ লওঁতে ‘সংঘ’ শব্দটো থাকি যোৱাত দ্বিতীয়বাৰত শুধৰাই দিছিল। একাংশ লোকে লুৰিণজ্যোতি গগৈয়ে ‘আছুৰ ভৰিৰ তলত শ্ৰীমন্ত শংকৰদেৱ’ বুলি ভুলকৈ ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলাইছে।

No comments:

Post a Comment

SPONSORED