প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ : প্ৰৱক্তাক পেট্ৰ’ল ঢালি জ্বলালে যুৱকে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 04, 2020

প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ : প্ৰৱক্তাক পেট্ৰ’ল ঢালি জ্বলালে যুৱকে

গুৱাহাটী : এগৰাকী প্ৰৱক্তাই প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ কাৰণেই এজন ২৭বছৰীয়া যুৱকে পেট্ৰ’ল ঢালি জ্বলাই দিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে মহিলা প্ৰৱক্তাগৰাকীক যুৱকজনে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দি আছিল আৰু বাৰে বাৰে অস্বীকাৰ কৰি আছিল মহিলাগৰাকীয়ে। তাতেই ক্ষুব্ধ হৈ যুৱকজনে কৰিলে এই জঘন্য কাণ্ড। হঠাৎ পেট্ৰ’ল ঢালি দিয়াচলাই জ্বলাই অগ্নিসংযোগ কৰে মহিলাগৰাকীক। নিমিষতে দপদপাই জ্বলি উঠে মহিলাগৰাকীৰ শৰীৰ। অতি গুৰুতৰ অৱস্থাত প্ৰৱক্তাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

No comments:

Post a Comment

SPONSORED