এজন মন্ত্রীয়ে সমগ্র উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণক অপমানিত কৰিছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, February 02, 2020

এজন মন্ত্রীয়ে সমগ্র উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণক অপমানিত কৰিছে

বোকখাট : অসম চৰকাৰৰ এজন মন্ত্রীয়ে কেৱল অসমীয়াকে নহয়, সমগ্র উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণক অপমানিত কৰিছে৷ এইগৰাকী মন্ত্রীয়ে নাজানে বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূর্ণ উত্তৰ-পূর্বাঞ্চলৰ ৰাইজৰ জাতিপ্রেম, উৎসাহ আৰু প্রেৰণাৰ শব্দটোৱেই হ’ল হৌ, হৌ, হৌ৷ এইজন মন্ত্রীয়ে নামনি অসমৰ ম’হ খেদা গীত ‘হো, হো, হো মহোহো’ এই লোকগীতটোকো উপলুঙা কৰিবলৈ সেইজন মন্ত্রীয়ে ধৃষ্টতা কৰিব৷ আন্দোলনটোৰ পৰা আমি ফল নোপোৱাকৈ থকা নাই৷


‘কা’-বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ পাছতে বাধ্য হৈ অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰিবলৈ কেন্দ্রীয় চৰকাৰ বাধ্য হ’ল৷ ইটোৰ পিছত সিটো আঁচনি ঘোষণা কৰা হৈছে৷ যিবোৰ অসমীয়া মানুহৰ অতদিনৰ প্রাপ্য অধিকাৰ আছিল৷ এই সকলো আঁচনিৰ সুবিধা ৰাইজে গ্রহণ কৰক আৰু এই প্রাপ্যখিনি দিবলৈ বাধ্য কৰক৷ আমাৰ মূল কথাই হ’ল এশ শতাংশ সংৰক্ষণ কৰা৷ চৰকাৰে আন্দোলনটোৰ আঁৰত কোনোবা শক্তি আছে, বুলি সদায় কৈ আহিছে৷

আমি স্পষ্ট কৰি দিওঁ সেই শক্তিকেইটা হৈছে আমাৰ জনসাধাৰণ, অসম প্রেম, অসমীয়াৰ দৃঢ়তা আৰু অসমক সুৰক্ষিত কৰি ৰখাৰ সংকল্প৷ এই চৰকাৰখন হূদয়হীন হত্যাকাৰী চৰকাৰ৷ ‘কা’ আন্দোলনৰ সময়ছোৱাত পাঁচজনকৈ হাইস্কুলৰ ডেওনা পাৰ নোহোৱা সতেজ অসমীয়া ছাত্রক গুলীয়াই হত্যা কৰাৰ পাছতো ছাত্রকেইজনৰ হকে এটা শব্দ আজি পর্যন্ত উচচাৰণ নকৰিলে৷ সেয়েহে, আমি পুনৰ দাবী জনাইছোঁ৷ আন্দোলনকাৰীৰ ওপৰত দমন নচলাব৷ অন্যথা উফৰি যাব৷

আজি বোকাখাতত জনতাৰ ৰণশিঙাত অংশগ্রহণ কৰি সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই এনেদৰে কয়৷ তেওঁ লগতে কয় যে অসমীয়াৰ ভাষা- সংস্কৃতিৰ লগত ভাৰতবর্ষৰ আন ৰাজ্যৰ লগত পৃথক৷ যদিহে বাংলাদেশীক নাগৰিকত্ব দিয়াটো যদি নগণ্য হয়, তেন্তে নগণ্য বাংলাদেশীক গুজৰাটত ৰাখিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কওক৷ অসম চুক্তিৰ ৬ নং দফা আৰু ‘কা’ক লৈ দৰদাম নচলিব৷ সকলো জাতি-জনগোষ্ঠীৰ ভাষা বিকাশ হ’ব লাগে৷ কেন্দ্রীয় চৰকাৰৰ তৃতীয় আৰু চতুর্থ শ্রেণীৰ সকলো পদ খিলঞ্জীয়াৰ বাবে এশ শতাংশ সংৰক্ষণ কৰা, চৰকাৰে ৩ লাখ চাকৰিৰ তাৰিখ ঘোষণা কৰক৷ দহ সহস্রাধিক জনতাৰ উপস্থিতিত আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য মনোৱাৰ হুছেইনে শুভাৰম্ভ কৰা অনুষ্ঠানত বক্তব্য প্রদান কৰি বিশিষ্ট কৌতুক অভিনেতা অৰুণ হাজৰিকাই হাজিৰা নিদিয়াকৈ সমৱেত হোৱা বোকাখাতবাসীক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই আন্দোলনক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ আহ্বান জনায়৷

হাজৰিকাই বিধায়ক তথা অগপৰ সভাপতি, মন্ত্রী অতুল বৰাক তীব্র সমালোচনা কৰে৷ বিশিষ্ট অভিনেতা অমৃতা গগৈয়ে অসমৰ ৰাইজে যেনেকৈ বিচাৰে তেনেকৈ মৃত্যু পর্যন্ত যঁুজি যাম বুলি কোৱাৰ লগতে কয় যে আজিৰ সভাত সমৱেতসকল ঘৰলৈ ঘূৰি যাওঁতে পকেট গৰম হৈ নাযায়৷ এইখন কোনো ধন দি অনা লোকৰ সভা নহয়৷ বর্তমান আন্দোলনৰ নেতৃত্ব লোৱা দলসমূহক আহ্বান জনাই তেওঁ কয় যে আজিৰ সভাত আন্দোলনৰ সময়ছোৱাত এটা বিকল্প ৰাজনৈতিক দলৰ প্রসংগ খুবেই উল্লেখ হৈছে৷ এনে ৰাজনৈতিক দল হ’লেও সপ্তম, অষ্টম শ্রেণীলৈ পঢ়া মানুহ যাতে মন্ত্রী-বিধায়ক হ’ব নোৱাৰে তাৰ প্রতি দৃষ্টি ৰখা দৰকাৰ৷

সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কোটিৰ ওপৰত বাংলাদেশী অসমত প্রৱেশ কৰাৰ প্রাক৲ মুহূর্ততে অসম চৰকাৰৰ এজন মন্ত্রীয়ে কেৱল চাৰি-পাঁচ লাখহে বাংলাদেশী সোমাব বুলি ভুৱা প্রচাৰ চলাই থকা কথাটোৱে প্রমাণ কৰে তেওঁলোকৰ বাংলাদেশী প্রেমৰ কথা৷ সীমান্তৰ ২৬৮ কিল’মিটাৰ এই মুহূর্তলৈকে মুকলি কৰি ৰখাৰ কাৰণটো হৈছে যাতে সহজতে বাংলাদেশী অসম সোমাব পাৰে৷ এই সীমাইদি প্রতিদিনেই বাংলাদেশী আহিয়েই আছে৷ আন্দোলনকাৰীক দমনৰ নামত শিক্ষকসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে শিক্ষা মন্ত্রীক সলনি কৰিব লগা অৱস্থাৰ সৃষ্টি কৰিছে৷

নিজেই টিভি চেনেল খুলি দুই তিনি ঘণ্টা কথা কোৱা নেতাৰ প্রৰোচনাত ভোল নাযাবলৈ অসমবাসীক অনুৰোধ জনাইছে৷ আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ২৪ জানুৱাৰীত এই স্থানতে চৰকাৰে পতা সংকল্প সমাৰোহক ‘হাজিৰা সমাৰোহ’ বুলি কটাক্ষ কৰি প্রকৃত বোকাখাতৰ ‘কা’ বিৰোধী মানুহখিনি আজিহে সমৱেত হৈছে৷ আগৰ সভাখনত হাজিৰা, ‘ভয় ভীতি আৰু প্রলোভনেৰে মানুহ অনাৰ স্পষ্ট প্রমাণ আমাৰ হাতত আছে৷ এই আন্দোলন দীঘলীয়া হ’ব৷

ইয়াৰ বাবে ৰাইজক সাজু হ’বলৈ আহবান জনাই কয় যে জাতিদ্রোহী কোনো জনপ্রতিনিধিক কোনো জাতীয় অনুষ্ঠানত ভাগ ল’বলৈ দিয়া নহ’ব৷ ইয়াৰ বিৰুদ্ধে তীব্র প্রতিৰোধ গঢ়ি তোলা হ’ব৷ শংকৰদেৱ সাংস্কৃতিক সমন্বয়ক হত্যা কৰিব বিচৰা মন্ত্রী বিধায়কক ইয়াৰ পিছতো জড়িত কৰিলে জাতীয় সংগঠনকো সুদাই এৰি দিয়া নহ’ব৷ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সম্পাদক পলাশ চাংমায়ে জাতিৰ সংকটৰ এই সন্ধিক্ষণত নিজৰ সন্তানৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি কোনো প্রলোভনত ভোল নাযাবলৈ সমৱেতসকলক আহবান জনায়৷ আমি কেৱল প্রতিবাদৰ স্বার্থতে প্রতিবাদ নকৰোঁ৷ জাতি যেতিয়া বিপন্ন হয় তেতিয়াই আমি জাতিৰ কথাত প্রহৰী ৰূপে থিয় হওঁ৷ বোকাখাতত অনুষ্ঠিত হ’বলগীয়া শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত জাতিদ্রোহী কোনো মন্ত্রী-বিধায়কৰ উপস্থিতি সহ্য কৰা নহ’ব৷

যদিহে অসমৰ শক্তিশালী জাতীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘই তেনে কার্যসূচী যুগুত কৰিছে তাক তৎকালে বাতিল কৰিবলৈ আহবান জনায়৷ জনতাৰ ৰণশিঙাত আছু, যুৱ-ছাত্র পৰিষদকে ধৰি অন্যান্য জাতীয় সংগঠনৰ নেতৃত্বই ‘কা’ অসমৰ পৰা প্রত্যাহাৰ নকৰা পর্যন্ত অব্যাহত থাকিব গণতান্ত্রিক আন্দোলন৷ আন্দোলনৰ লগতে অব্যাহত থাকিব ছাত্র-ছাত্রীৰ পঢ়া-শুনা৷ পঢ়া-শুনাক আন্দোলনৰ অংশ ৰূপে গণ্য কৰা হ’ব৷ এই আন্দোলনৰ সময়ছোৱাত চাৰকাৰে টোপ হিচাপে ঘোষণা কৰা প্রতিটো সুবিধা গ্রহণ কৰি আন্দোলন অব্যাহত ৰাখিব৷ কিয়নো এতিয়া এইসমূহ অসমীয়াৰ প্রাপ্য, চৰকাৰৰ অনুগ্রহ নহয়৷

শ্রীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশনত মন্ত্রী-বিধায়কৰ উপস্থিতিত বাধা প্রদান কৰা হ’ব৷ জাতিক বিক্রী কৰিব বিচৰা চৰকাৰৰ মন্ত্রী-বিধায়কক জাতীয় অনুষ্ঠানত প্রৱেশ কৰিবলৈ দিয়া নহ’ব৷ আজিৰ সমাৱেশৰ প্রাক৲ক্ষণত ছাত্র সন্থাৰ কেইজনমান কর্মীক আৰক্ষীয়ে আটক কৰি নির্যাতন চলাইছে বুলি আছুৰ গোলাঘাট জিলাৰ সভাপতি নিৰঞ্জন সোণোৱালে উল্লেখ কৰিছে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱাই বক্তব্য প্রদান কৰে৷

জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে বোকাখাতবাসী কেঁচাইখাতী গোসাঁনীৰ ঠাই৷ গোসাঁনীৰ চেও ঢোল আৰু দবাত বাজিলে বহুতৰ তেজ খাব পাৰে৷ মন্ত্রী অতুল বৰাই ভাই বুলি উল্লেখ কৰি সর্বানন্দ সোণোৱাল, নৰেন্দ্র মোদী নালাগে দ্বাৰকাৰ কৃষ্ণ নামি আহিলেও ২০২১ চনৰ নির্বাচনত আমদানি কৰি অনা অতুল বৰাক প্রত্যুত্তৰ দিয়া হ’ব৷ মোৰ মাতৃৰ গর্ভত হাত দিয়া বিজেপিৰ সংগী বুলি অগপৰ কফিনৰ শেষ গজালটো ২৪ ডিচেম্বৰত বোকাখাতত মাৰি পেলালে৷ গোর্খা ছাত্র সন্থাৰ উপ-সভাপতি অর্জুন চেত্রীয়ে নিজকে অসমীয়া বুলি ভবা ২৫ লাখ সুঠাম গোর্খা যুৱক আছে৷ সেইসকলে ২৫ লাখ খুকুৰী লৈ ওলাই আহিলে কোনেও ৰক্ষা নাপাব৷ মহকুমা ছাত্র সন্থাৰ সভাপতি গীতার্থ শইকীয়া, যুৱ পৰিষদৰ জিলা সভাপতি নীলোৎপল খাওন্দে বক্তব্য আগবঢ়ায়৷

No comments:

Post a Comment

SPONSORED