ৰাজ্যজুৰি আছু, যুৱ-ছাত্রৰ মানৱ-শৃংখল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, February 02, 2020

ৰাজ্যজুৰি আছু, যুৱ-ছাত্রৰ মানৱ-শৃংখল

গুৱাহাটী : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যত প্রতিবাদ অব্যাহত আছে৷ আছু, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহবানত আজি ৰাজ্যজুৰি মানৱ-শৃংখল কৰি জাতিধবংসী আইনখন বাতিল কৰাৰ দাবী কৰে৷ ৰাজ্যৰ প্রতিখন জিলা সদৰতে আজি সংগঠনকেইটাৰ আহবানত ছাত্র সমাজৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ আৰু শিল্পী সমাজৰ পৰা অন্য দল-সংগঠনৰ সদস্যই অংশগ্রহণ কৰে৷ মানৱ-শৃংখল কৰাৰ লগতে প্রতিবাদীসকলে চৰকাৰ-বিৰোধী শ্ল’গানেৰে বিক্ষোভো প্রদর্শন কৰে৷


ইফালে একাধিক স্থানত প্রতিবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ খণ্ডযুদ্ধ লাগে৷ আনহাতে, বোকাখাটত আজি জনতাৰ ৰণহুংকাৰ শীর্ষক প্রতিবাদ সাব্যস্ত কৰা হয় ক’লা আইনখন বাতিলৰ দাবীত৷ এই অনুষ্ঠানত অংশগ্রহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷ আনহাতে, গুৱাহাটীৰ উপৰি বৰপেটা, ডিব্রুগড়, তিনিচুকীয়াৰ ডুমডুমা, ছৈখোৱা, শিৱসাগৰৰ লাকুৱা, মৰাণ, তেজপুৰ আদিত তীব্র প্রতিবাদ কৰি প্রতিবাদীসকলে চৰকাৰক আইনখন বাতিল কৰিবলৈ সকীয়নি দিয়ে৷

আনহাতে, গুৱাহাটীৰ চানমাৰি এলেকাত আছু, যুৱ-ছাত্র পৰিষদ আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ প্রতিবাদীসকলে মানৱ-শৃংখল কৰে৷ প্রতিবাদীসকলে শৰীৰত জাতিধবংসী আইনখন-বিৰোধী শ্ল’গানেৰে লিখা প্লে’ কার্ড আঁৰি প্রতিবাদীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ সমাজৰ সকলো ক্ষেত্রৰ লোকে অংশগ্রহণ কৰা এই প্রতিবাদতে জাতিধবংসী আইনখন বাতিল নোহোৱালৈকে প্রতিবাদ অব্যাহত ৰখাৰ ঘোষণা কৰে৷

No comments:

Post a Comment

SPONSORED