দিল্লী : ৬ মন্ত্ৰীসহ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ল’লে শপত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 16, 2020

দিল্লী : ৬ মন্ত্ৰীসহ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ল’লে শপত

নতুন দিল্লী : ৰাজধানী দিল্লীৰ ঐতিহাসিক ৰামলীলা মৈদানত আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিলে আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে৷ দুপৰীয়া ১২.১৫ বজাত কেজৰিৱালৰ লগতে ৬ গৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে। ইপিনে শপতগ্ৰহণৰ পাছত কেজৰিৱালে দিল্লীৰ জনতাক ধন্যবাদ জ্ঞাপন কৰি, এই বিজয় কেৱল তেওঁৰ বিজয় নহয় বৰঞ্চ এয়া সকলো দিল্লীবাসীৰ বিজয় বুলি মন্তব্য কৰে।


 লগতে দিল্লীৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সৈতে লগ হৈ কাম কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে। উল্লেখ্য যে ঐতিহাসিক ৰামলীলা মৈদানত আয়োজিত এই শপতগ্রহণ অনুষ্ঠানত বহুকেইগৰাকী বিশেষ অতিথি উপস্থিত থকাৰ সমান্তৰালকৈ উপস্থিত থাকে ‘লিটিল মাফলাৰমেন’। ‘লিটিল মাফলাৰমেন’ ৰূপে পৰিচিত আভ্যান টুমৰে কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল।

No comments:

Post a Comment

SPONSORED