উন্নয়ন : মাজুলীত পথ নির্মাণত ব্যাপক বিসংগতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 25, 2020

উন্নয়ন : মাজুলীত পথ নির্মাণত ব্যাপক বিসংগতি

 মাজুলী : মাজুলীৰ বহু বিভাগত চলি থকা কাম-কাজত দুর্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উঠিছে৷ এই বিভাগসমূহৰ ভিতৰত গড়কাপ্টানী পথ বিভাগটোৰ জৰিয়তে মাজুলীৰ বাট-পথৰ দ্রুত উন্নয়নৰ বাবে চৰকাৰখনে কাম কৰি আহিছে৷ বাট-পথৰ উন্নয়নো হৈছে৷ কিন্তু বিধবস্ত হৈ পৰা পূর্বে নির্মিত বাট-পথসমূহ মেৰামতিৰ বাবে বিভাগটোৱে কোনো কার্যকৰী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ যাৰবাবে দিনক দিনে ভকতিদুৱাৰ, মায়েঙীয়া, শিলিখাগুৰি, অভয়পুৰ মুদৈবিল হৈ জেংৰাইমুখ সংযোগী পথ, শিলিখাগুৰি ৰতনপুৰ সংযোগী পথকে ধৰি মাজুলীৰ উজনিৰ পৰা নামনিলৈকে পূর্বে নির্মিত বহু পথ বর্তমান অধিক বিধবস্ত হৈ পৰিছে৷ বাৰিষাৰ আগত এইপথসমূহ মেৰামতিৰ বাবে বিভাগে কোনো ব্যৱস্থা গ্রহণ নকৰিলে মাজুলীৰ জনসাধাৰণে পুনৰ যাতায়তৰ দিশত হাৰাশাস্তি ভোগাৰ সম্ভৱনা আছে৷ ইফালে নৱনির্মিত পথ একাংশত ব্যপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ প্রাক৲কলন মতে হোৱা নাই পথ নির্মাণৰ কাম৷

মাজুলীত এতিয়া চাৰিওফালে গ্রাস কৰিছে দুর্নীতিয়ে৷ শিলিখাগুৰিৰ পৰা ঔগুৰি বাঘপাম সংযোগী পথটো গত বর্ষৰ ১৪ অক্টোবৰতেই ভাৰত চৰকাৰৰ গ্রাম্য উন্নয়ন মন্ত্রণালয়ৰ বিত্তীয় অনুদানেৰে কাম আৰম্ভ হৈছিল৷ কিন্তু এই পথটোৰ নির্মাণ কার্য আৰম্ভ হোৱাৰ দিনৰ পৰাই ব্যাপক বিসংগতি সংঘটিত হৈ আহা অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ পূর্বেও বহুবাৰ এই ঠিকাদাৰজনে নির্মাণ কৰি থকা পথ সমূহত অনিয়ম সংঘটিত হৈ অহাৰ বাতৰি সম্প্রচাৰ হৈ থকাৰ পিছতো দুর্নীতি ঢকাৰ চেষ্টা চলাই আহিছে৷ ঠিকাদাৰজনে ৩,৪৩,৩৭,১০০ টকা ব্যয়সাপেক্ষে নির্মাণ কৰি থকা ৩ . ৫২ কিল’মিটাৰ দৈর্ঘযৰ পথটোত বর্তমান ছেণ্ড গ্রেভেলৰ ওপৰত বালি পেলোৱাৰ পৰিৱর্তে বোকামাটি পেলোৱাক লৈ বর্তমান তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ পূর্বেও ভকতিদুৱাৰ, কঁঠালখোৱা, ভকতিদুৱাৰ কঠনীয়া সংযোগী পথ দুটা এই ঠিকাদাৰজনে অনিয়মেৰে নির্মাণ কৰাৰ ফলত নির্মীয়মাণ অৱস্থাতে কালভার্টৰ পকী বেৰাত ফাট মেলা, পথত ছাইডবান্ধ নিদিয়া, নির্মীয়মাণ অৱস্থাত পথ বহি যোৱা, ৱাল ভাগি পৰাকে ধৰি বিভিন্ন অনিয়মৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ শিলিখাগুৰিৰ পৰা ঔগুৰি বাঘপাম সংযোগী পথত সংঘটিত কৰিছে দুর্নীতি৷ মইমতালিৰে ৰাইজৰ সুবিধাৰ প্রতি পিঠি দি ঠিকাদাৰে চলাই গৈছে অনিয়মৰ ওপৰত অনিয়ম৷

No comments:

Post a Comment

SPONSORED