ঝংকাৰ শইকীয়া হত্যাকাণ্ড : ১২ জনক দোষী সাব্যস্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2020

ঝংকাৰ শইকীয়া হত্যাকাণ্ড : ১২ জনক দোষী সাব্যস্ত

গুৱাহাটী : সোমবাৰে ডিফুস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ডিফু চহৰত ২০১৩ চনত নিৰ্মমভাৱে হত্যা কৰা ঝংকাৰ শইকীয়া গোচৰৰ ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। সাত বছৰৰ অন্তত ন্যায়ালয়ে দিব ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়দান। 

কাৰ্বি-আংলং জিলা সত্ৰ ন্যায়াধীশ আমোৱাৰ উদ্দিন আহমেদৰ বিচাৰপীঠত চলি থকা শুনানিৰ পাচতেই সোমবাৰে মুঠ ১৬ জন লোকৰ ১২ জনক দোষী সাব্যস্ত কৰাৰ লগতে আন চাৰিজনক নিৰ্দোষী ঘোষণা কৰে। অহা ২৮ ফেব্ৰুৱাৰী তাৰিখে ১২ লোকৰ শাস্তি ঘোষণা কৰিব আদালতে। উল্লেখ্য যে, ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ মাজমজিয়াত অট’ৰিক্সাৰ ভাড়াক কেন্দ্ৰ কৰি আৰক্ষী আৰু পিতৃৰ সমুখতে একাংশ লোকে নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ ফলত মৃত্যুক সাবটি ল’বলগীয়া হৈছিল মেধাৱী ছাত্ৰ ঝংকাৰে।

No comments:

Post a Comment

SPONSORED