লখিমপুৰ : অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু বৃহত্তৰ ঘূণাসুঁতি কেন্দ্ৰিয় আলি আয়ে লৃগাং উদযাপন সমিতিৰ সহযোগত আলি আয়ে লৃগাং উৎসৱটি বৰ্ণাঢ্য কায্যক্ৰমণিকাৰে ঘূণাসুঁতিত আজি উদযাপন কৰা হৈছে। ঘূণাসুঁতিৰ এই উৎসৱৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উৎসৱৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশ গ্রহন কৰিব বিত্ত, শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সংসদ প্ৰদান বৰুৱা, অগপ বিধায়ক উৎপল দত্ত , বিধায়ক ডাঃ ৰানোজ পেগু, দেৱনন্দ হাজৰিকা, ভুৱন পেগু, মিচিং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েয়ঙীয়া, আদিয়ে দিনৰ ১বজাৰ পৰা অনুষ্ঠিত হব লগা মুকলি সভাত অংশ গ্ৰহণ কৰিব। ইতিমধ্যে উৎসৱৰ কাৰ্যসূচী পুৱাৰে পৰা আৰম্ভ হৈছে।
No comments:
Post a Comment