হাউলীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ : আটক এক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 18, 2020

হাউলীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ : আটক এক

হাউলী : বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে সফলতাৰে চলোৱা নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযানত সপ্তাহটোৰ ভিতৰতে কেইবাটাও ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰী গোটক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উক্ত অভিযানৰ অংশ হিচাপে আজি আবেলি ৪-৩০ বজাত এক গোপন সূত্ৰৰ পম খেদি এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে | 


জানিব পৰা মতে ডব্লিউ বি ২৫/জি ৫৮২৫ নম্বৰৰ ট্ৰাক খন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা পশ্চিমবঙ্গৰ শিলিগুৰী অভিমুখে আহি থকা অৱস্থাত হাউলীৰ কালজাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত হাউলী আৰক্ষীয়ে তালাচী চলাই ১৬৮ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে |  আৰক্ষীয়ে গাড়়ী সহ পশ্চিম বঙ্গৰ মুৰ্শীদাবাদৰ নাৰিকল বাৰীৰ মহম্মদ আহম্মদ লাল (২২) নামৰ ব্যক্তি এজনক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে বুলি হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকচ দাসে জানিবলৈ দিয়ে |

No comments:

Post a Comment

SPONSORED