প্রমোদ বড়োৱে যোগদান কৰিব ইউ পি পি এলত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 22, 2020

প্রমোদ বড়োৱে যোগদান কৰিব ইউ পি পি এলত

গুৱাহাটী : বি টি চিৰ নির্বাচনত উর্খাও গৌড়া ব্রহ্ম নেতৃত্বাধীন ইউ পি পি এলে শক্তিশালী ৰূপত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱাটো নিশ্চিত হৈ পৰিল৷ নিখিল বড়ো ছাত্র সন্থাৰ (এবছু) বিদায়ী সভাপতি প্রমোদ বড়োৱে উক্ত দলটোত যোগদান কৰাটো খাটাং হৈছে৷ দীর্ঘকাল ধৰি এবছুক নেতৃত্ব দি অহা ছাত্র নেতাজন দলটোত যোগদানৰ পাছতে প্রত্যক্ষ ৰাজনীতিত জড়িত হ’ব৷ উল্লেখযোগ্য যে বি টি আৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত বিশেষ অধিৱেশন অনুষ্ঠিত কৰি এবছু ত্যাগ কৰিছিল প্রমোদ বড়োৱে৷


বড়োৱে ইউ পি পি এলত আনুষ্ঠানিকভাৱে যোগদান কৰাটো নিশ্চিত হৈছে৷ ইয়াৰ লগে লগে বি টি চি চুক্তি স্বাক্ষৰ কৰাৰ পাছৰে পৰা বি টি চি দখলত ৰখাৰ লগতে দিছপুৰৰ ৰাজনীতিত কিংমেকাৰ হৈ পৰা হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক সমীকৰণ ওলট-পালট হৈ পৰাৰ সম্ভাৱনা স্পষ্ট হ’ল৷ আজিৰ পৰা বিজনীত ইউ পি পি এলৰ দুদিনীয়া অধিৱেশন আৰম্ভ হৈছে৷ এই অধিৱেশনৰ আৰম্ভণিৰ দিনটোত প্রতিনিধি সভাৰ প্রাক৲মুহূর্তত ইউ পি পি এলৰ নেতা উর্খাও গৌড়া ব্রহ্মই সংবাদ মাধ্যমৰ আগত কয় যে প্রমোদ বড়োসহ এবছুৰ বহু নেতা যে দলটোলৈ আহিব, সেয়া নিশ্চিত হৈ গ’ল৷

নির্বাচনৰ প্রক্রিয়া আৰম্ভ হোৱাৰ বহু পূর্বে হাগ্রামা মহিলাৰী-নেতৃত্বাধীন বি পি এফে প্রার্থীৰ তালিকা ঘোষণা কৰাৰ প্রসংগত ইউ পি পি এলৰ নেতা ব্রহ্মই কয় যে তেওঁলোক শংকাত আছে বাবে আগতীয়াকৈ প্রার্থীৰ নাম ঘোষণা কৰিছে৷ তেওঁ আৰু কয় যে জনগণে পৰিৱর্তন বিচাৰিছে আৰু বি টি আৰে পৰিৱর্তন আনিব, সেয়ে ৰাইজে ভোট দিব৷ এতিয়াৰে পৰা বড়োলেণ্ডত বড়ো-অবড়োৰ মাজত বিভেদ ঘটাই কৰা ৰাজনীতি নচলিব৷

ইউ পি পি এলৰ অন্যতম নেতা ৰনগৌড়া নার্জাৰীয়ে কয় যে প্রমোদ বড়োৱে ইউ পি পি এলত যোগদান কৰাটো ৯০ শতাংশ নিশ্চিত হৈ গৈছে৷ এন ডি এফ বিৰ ক্ষেত্রত কিছু সাংগঠনিক প্রক্রিয়া আছে৷ তেওঁলোকো যিহেতু চুক্তি স্বাক্ষৰকাৰী, সেয়েহে তেওঁলোকো সোনকালে ইউ পি পি এললৈ আহিব বুলি উল্লেখ কৰে নার্জাৰীয়ে৷ তেওঁ আৰু কয় যে ২০২০ত ইউ পি পি এলে বি টি চি দখল কৰিবই৷

No comments:

Post a Comment

SPONSORED