২৭ ফেব্রুৱাৰীত গুৱাহাটীলৈ কেন্দ্রীয় বিত্তমন্ত্রী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 22, 2020

২৭ ফেব্রুৱাৰীত গুৱাহাটীলৈ কেন্দ্রীয় বিত্তমন্ত্রী

গুৱাহাটী : ২৬ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব এছ বি আইৰ বিত্তীয় মেলা৷ খানাপাৰা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব বৃহৎ বিত্তীয় মেলা৷ ২৭ ফেব্রুৱাৰীত এই মেলাত উপস্থিত থাকিব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ৷ নতুন গ্রাহকসকলে বেংক সেৱাৰ সকলোধৰণৰ সা–সুবিধা লাভ কৰিব এই মেলাত৷ চৰকাৰী বীমা আৰু পেন্সন যোজনাৰো সুবিধা উপলব্ধ হ’ব এই মেলাত৷


 ব্যক্তিগত আৰু চৰকাৰী সকলো বেংকে অংশগ্রহণ কৰিব মেলাত৷ শুকুৰবাৰে এছ বি আইৰ উত্তৰ–পূবৰ মুখ্য কার্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই কথা সদৰী কৰে মুখ্য শাখা প্রবন্ধক সুনীল কুমাৰ টেণ্ডনে৷ এই মেলাত সমূহ গ্রাহকৰ উপস্থিতি কামনা কৰিছে এছ বি আই কর্তৃপক্ষই৷

No comments:

Post a Comment

SPONSORED