বহুধা বিভক্ত বি টি আৰৰ ৰাজনীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 21, 2020

বহুধা বিভক্ত বি টি আৰৰ ৰাজনীতি

গুৱাহাটী : বড়়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ) চুক্তিয়ে বি টি চিৰ ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰিছে৷ সন্মুখত থকা বি টি চিৰ নির্বাচনৰ পূর্বে নিখিল বড়ো ছাত্র সন্থা আৰু এন ডি এফ বিৰ চাৰিওটা গোটে শান্তি চুক্তি স্বাক্ষৰিত কৰিছিল যদিও এন ডি এফ বিৰ আটাইকেইটা গোট যে একত্রিত হৈ নতুন ৰাজনৈতিক দল গঠন নকৰে সেই কথা স্পষ্ট হৈ পৰাৰ বিপৰীতে এই শক্তিসমূহে নিজাববীয়াকৈ ৰণকৌশল যুগুত কৰিছে৷


এন ডি এফ বিৰ বি চাউৰাইগ্রা গোটে নির্দলীয় প্রার্থী থিয় কৰোৱাৰ কথা স্পষ্ট কৰি কোনো ৰাজনৈতিক দলতে যোগদান নকৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে এন ডি এফ বিৰ নেতা চাউৰাইগ্রাই আত্ম পৰিচয় অক্ষুণ্ণ ৰাখি প্রতিষ্ঠিত ৰাজনৈতিক দলৰ লগত মিত্রতা বা বুজাবুজি কৰিবলৈ সাজু থকাৰ কথাও ঘোষণা কৰিছে৷ ইফালে এন ডি এফ বিৰ গোবিন্দ বসুমতাৰী গোটে যিহেতু ইউ পি পি এল গঠনত আগভাগ লৈছিল সেয়েহে এই দলটোকে অধিক শক্তিশালী কৰাৰ পোষকতা কৰিছে৷

ধীৰেন বড়ো নেতৃত্বাধীন আনটো গোটে ৰাজনৈতিক ক্ষেত্রত কি অৱস্থান গ্রহণ কৰিব সেই কথা স্পষ্ট কৰা নাই যদিও পূর্বৰে পৰা হাগ্রামা মহিলাৰীৰ লগত থকা সুসম্পর্কৰ বাবে বি পি এফত যোগাদন কৰাৰ সম্ভাৱনা আছে৷ কাইলৈৰ পৰা ইউ পি পি এলৰ অধিৱেশন আৰম্ভ হ’ব৷ এই অধিৱেশনত যাতে এন ডি এফ বিৰ নেতাই যোগদান কৰিব নোৱাৰে তাৰ বাবে একাংশ এন ডি এফ বিৰ সদস্যক বি পি এফত যোগদান কৰাৰ উদেশ্যৰে নতুন দিল্লীলৈ নি বাহৰ পাতিছেগৈ বি পি এফৰ নেতাসকল৷

বি পি এফৰ মুৰববী হাগ্রামা মহিলাৰী, মন্ত্রী প্রমীলাৰাণী ব্রহ্ম, ৰিহণ দৈমাৰী আৰু চন্দন ব্রহ্মও দিল্লীত গৈ উপস্থিত হৈছেগৈ৷ চুক্তি স্বাক্ষৰকাৰী একাংশ এন ডি এফ বিৰ নেতাই দিল্লীত বি পি এফৰ নেতাসকলৰ উপস্থিতিত বি পি এফত যোগাদান কৰিব বুলি জানিব পৰা গৈছে৷ ইয়াৰ বিপৰীতে এবছুৰ পৰা সদ্য পদত্যাগী নেতা প্রমোদ বড়োৱে বি টি চিৰ বহুধা বিভক্ত ৰাজনীতিত কি ভূমিকা ল’ব সেই কথা আজি স্পষ্ট কৰা নাই যদিও তেওঁ কয় যে যিহেতু নির্বাচন সমাগত সেয়েহে নতুন ৰাজনৈতিক দল গঠন কৰাটো সম্ভৱ নহয়৷

কাইলৈৰ পৰা ইউ পি পি এলৰ দুুদিনীয়া অধিৱেশন আৰম্ভ হ’ব৷ এই অধিৱেশনে বি টি চিৰ ৰাজনীতিৰ নতুন দিক নির্ণয় যে কৰিব সেই কথা খাটাং হৈ পৰিছে৷ এন ডি এফ বিৰ আনটো গোটৰ নেতা ৰঞ্জন দৈমাৰীয়ে বি টি চিৰ ৰাজনীতিত কোনটো পক্ষ গ্রহণ কৰিব সেই কথা স্পষ্ট কৰা নাই৷ ৰাজ্যৰ ৰাজনীতিত বিজেপি মিত্রজোঁটৰ অংশীদাৰ দল বি পি এফ যদিও বি টি চিৰ নির্বাচনত মিত্রতাই নতুন ৰূপ লোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷

বি পি এফৰ নেত্রী তথা মন্ত্রী প্রমীলাৰাণী ব্রহ্মই বি টি চিৰ ৪০খন আসনৰ ভিতৰত মিত্র বিজেপিক মাত্র চাৰিখন আৰু অগপক এখনহে আসন এৰি দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি প্রতিক্রিয়া প্রকাশ কৰি কয় যে জয়ৰ সম্ভাৱনা থকা সমষ্টিত বিজেপিয়ে নির্বাচনত নামিব৷ তাৰ বাবে এতিয়াই আসন এৰি দিয়াৰ কথা অহা নাই৷ বিজেপিৰ এটা সূত্রৰ পৰা জানিব পৰা মতে শান্তি চুক্তিত স্বাক্ষৰকাৰী একাংশ নেতাক দলত যোগদান কৰাই প্রার্থিত্ব প্রদান কৰাৰ যো-জা চলাই থকা হৈছে৷

এইক্ষেত্রত বিজেপিত যোগদান কৰাই এন ডি এফ বিৰ নেতাসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ ক্ষিপ্রতাৰে প্রত্যাহাৰ কৰাৰ কাম হাতত লোৱাৰ টোপ দিয়া হৈছে বুলি জানিব পৰা গৈছে৷ বি টি আৰ চুক্তিয়ে বি টি চিৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰাৰ পাছত বি টি চিৰ নির্বাচনত বি পি এফৰ লগত মিত্রতা মূৰকত থাকিবগৈ নে নাথাকে সেই কথা আৰু কেইটামান দিনৰ পাছতে স্পষ্ট হৈ পৰিব৷

No comments:

Post a Comment

SPONSORED