গুৱাহাটী : অসম আহি পালে দেশদ্রোহী ছার্জিল ইমাম৷ দিল্লী আৰক্ষীৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা ছার্জিল ইমামক আজি ব্রহ্মপুত্র এক্সপ্রেছেৰে গুৱাহাটীলৈ আনে আৰক্ষীয়ে৷ লগত আহে তিহাৰ জে’ল কর্তৃপক্ষৰ লোক৷ অর্থাৎ তিহাৰ জে’ল কর্তৃপক্ষৰ নিৰীক্ষণ তথা কটকটীয়া নিৰাপত্তাৰ মাজত আৰু অসম আৰক্ষীৰ সহযোগত আজি সন্ধিয়া গুৱাহাটী ৰে’ল ষ্টেছনত উপস্থিত কৰোৱা হয় ছার্জিল ইমামক৷ ব্রহ্মপুত্র এক্সপ্রেছেৰে আনি গুৱাহাটী ৰে’লৱে ষ্টেছনত উপস্থিত হোৱাৰ পাছতেই ছার্জিলক পোনে পোনে নিয়া হয় মহেন্দ্র মোহন চৌধুৰী অসামৰিক চিকিৎসালয়লৈ৷
চিকিৎসালয়ত ছার্জিলৰ স্বাস্থ্য পৰীক্ষা কৰি নিয়া হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ৷ আদালতে ৪ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে ছার্জিল ইমামক৷ উল্লেখযোগ্য যে অসমক ভাৰতৰ পৰা বিচিছন্ন কৰাৰ দাবী তুলিছিল ছার্জিল ইমামে৷ ৰে’ল যোগাযোগকে ধৰি বিভিন্ন যাতায়াত ব্যৱস্থাৰ ক্ষেত্রত ভাৰতৰ আন ৰাজ্যৰ পৰা অসমক বিচিছন্ন কৰাৰ দাবী তুলিছিল৷ দিল্লীত বিতর্কিত মন্তব্য কৰা ছার্জিলক ইতিপূর্বে গ্রেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে৷ বিহাৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷
পৰৱর্তী সময়ত তিহাৰ জে’ললৈ ছার্জিল ইমামক প্রেৰণ কৰা হৈছিল যদিও অসম আৰক্ষীয়ে ৰুজু কৰা আন এটা গোচৰত আজি ছার্জিলক গুৱাহাটীলৈ অনা হয়৷ গুৰুত্বপূর্ণ কথাটো এয়ে যে ছার্জিল ইমামক গুৱাহাটীলৈ আনিবৰ বাবে কেইবাদিনো দিল্লীত অসম আৰক্ষীৰ দলে বাহৰ পাতি আছিল৷ অসম আৰক্ষীৰ অপৰাধ শাখাৰ নৱনীত মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বাহৰ পাতি আছিল দিল্লীত৷
অৱশেষত আজি সন্ধিয়া দেশদ্রোহী ছার্জিলক গুৱাহাটীত হাজিৰ কৰোৱা হয়৷ ছার্জিল গুৱাহাটী ষ্টেছনত উপস্থিত হোৱাৰ লগে লগে উপস্থিত জনতাই ছার্জিল ইমাম গ’ বেক ধবনি দিয়ে৷ ষ্টেছনত এ বি ভি পিৰ বহুসংখ্যক সমর্থক উপস্থিত হৈ ছার্জিল ইমামক দেখাৰ লগে লগে উত্তেজিত হৈ উঠে আৰু গ’ বেক ধবনি দিয়ে৷
No comments:
Post a Comment