কামাখ্যা দেৱোত্তৰ ব’র্ডৰ বিত্তীয় কেলেংকাৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, February 21, 2020

কামাখ্যা দেৱোত্তৰ ব’র্ডৰ বিত্তীয় কেলেংকাৰি

কামাখ্যা দেৱালয়ৰ বিত্তীয় কেলেংকাৰিৰ লগত সাঙোৰ খাই পৰা দেৱোত্তৰ ব’র্ডৰ পূর্বৰ পৰিচালনা সমিতিৰ সম্পাদক ৰিজু শর্মাৰ ঘৰত কালি চি আই ডিয়ে অভিযান চলোৱাৰ পাছত আজি পুনৰ দেৱোত্তৰ ব’র্ডৰ পূর্বৰ কোষাধ্যক্ষ নৱকান্ত শর্মাৰ ঘৰত চি আই ডিয়ে চলালে অভিযান৷

 অভিযানত চি আই ডিৰ দলে আন কেইবাটাও বেংক একাউণ্টৰ তথ্য লাভ কৰে৷ কিন্তু চি আই ডিৰ দলে অভিযান চলাব নোৱাৰিলে সদস্য প্রণৱ শর্মাৰ ঘৰত৷ উল্লেখযোগ্য যে কামাখ্যা দেৱোত্তৰ ব’র্ডৰ দুটা বেংক একাউণ্টৰ পৰা অনিয়মেৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা সন্দর্ভত উচচতম ন্যায়ালয়ে চি আই ডিক তদন্তৰ নির্দেশ দিছিল৷ ২০১১ চনৰ পৰা কেইবা বছৰ ধৰি দেৱোত্তৰ ব’র্ডত ৭,৬২,০৩,৪৯৮ টকাৰ বিত্তীয় খেলিমেলি সংঘটিত হৈছিল৷ শেহতীয়াকৈ উচচতম ন্যায়ালয়ে চি আই ডিক তিনি মাহৰ ভিতৰত তদন্ত কৰি ১৪ মে’ৰ ভিতৰত দাখিল কৰিবলৈ নির্দেশ দিছিল৷ যাৰ বাবে চি আই ডিয়ে অব্যাহত ৰাখিছে তদন্ত৷ অৱশ্যে কাইলৈ পুনৰ দেৱোত্তৰ ব’র্ডৰ সদস্য প্রণৱ শর্মাৰ ঘৰত অভিযান চলোৱাৰ সম্ভাৱনা আছে৷

No comments:

Post a Comment

SPONSORED