গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হ'ব বৰপেটা(সদৰ)বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক। প্ৰাক্তন বিধায়ক গৰাকীক উক্ত পদবীৰ দায়িত্ব দিবলৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ এক নিৰ্দেশনা জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক(সাংগঠনিক) ৰঞ্জন বৰাই। ৰঞ্জন বৰা স্বাক্ষৰিত নিৰ্দেশ পত্ৰত প্ৰাক্তন বিধায়ক খানক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আৰু মিডিয়া পেনেলিষ্টৰ অন্তভূক্ত কৰি দায়িত্বভাৰ অৰ্পন শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা দিয়া হৈছে। ইতিমধ্যে এই পত্ৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটলৈয়ো প্ৰেৰণ কৰা হৈছে। সেয়ে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বভাৰ খানে পোৱাটো নিশ্চিত হৈ পৰিছে।
No comments:
Post a Comment