সম্প্ৰীতিৰ নিদৰ্শন ঘিলাঝাৰী সত্ৰৰ দেৱালৰ আধাৰশিলা স্থাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, February 16, 2020

সম্প্ৰীতিৰ নিদৰ্শন ঘিলাঝাৰী সত্ৰৰ দেৱালৰ আধাৰশিলা স্থাপন

হাউলী : সাম্প্ৰতিক একাংশ স্বাৰ্থান্ধ লোকে ৰাজনৈতিক মুনাফাৰ বাবে অহৰহ ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলাই অহাৰ বিপৰীত মেৰুত থিয় দি মহাপুৰুষ শংকৰ-আজানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে ঘিলাঝাৰীৰ ৰাইজে। বৰপেটা জিলাৰ হাউলীৰ ওচৰৰ হাজীপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এশ শতাংশই মুছলমান লোকে বসবাস কৰা ঘিলাঝাৰী গাঁৱৰ ঐতিহ্যমণ্ডিত ঘিলাঝাৰী সত্ৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আজি দিনৰ ১১ বজাত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ ভগীৰথ নাথৰ পৌৰোহিত্যত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় |


 হাজীপাৰা গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত সত্ৰৰ দেৱাল আৰু মাটি পেলোৱা বাবদ আবন্টিত মুঠ ৭ লাখ ৫০ হাজাৰ টকাৰে আজি দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে | উক্ত অনুষ্ঠানত ভৱানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাষ্কৰ চক্ৰৱৰ্তী, হাজীপাৰা গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, সত্ৰ পৰিচালনা সমিতিৰ উপদেষ্টা পৰমানন্দ দাস , হাউলী চণ্ডী বৰুৱা স্মৃতি ভৱন পৰিচালনা সমিতিৰ সম্পাদক উপেন দাস, সত্ৰৰ দেৱাল নিৰ্মাণ কমিটিৰ সভাপতি আব্দুচ ছামাদ শিকদাৰসহ স্থানীয় ভালে সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোকে অংশ গ্ৰহন কৰে | উক্ত সত্ৰ আৰু ইয়াৰ সম্পত্তি যুগ যুগ ধৰি মুছলমান সম্প্ৰদায়ৰ লোকে সংৰক্ষিত কৰি ৰাখি সম্প্ৰীতিৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে |

No comments:

Post a Comment

SPONSORED