ডিফেণ্ডিং চেম্পিয়ন ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ নতুন চেম্পিয়ন বাংলাদেশ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 10, 2020

ডিফেণ্ডিং চেম্পিয়ন ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ নতুন চেম্পিয়ন বাংলাদেশ

ডিফেণ্ডিং চেম্পিয়ন ভাৰতক পৰাস্ত কৰি ১৯ বছৰ অনূর্ধ্ব আই চি চি বিশ্বকাপৰ নতুন চেম্পিয়ন হ’ল বাংলাদেশ৷ দক্ষিণ আফ্রিকাৰ প’টচেফষ্ট্রু’মত আজি অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত বাংলাদেশে তিনি উইকেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে আন্তঃৰাষ্ট্রীয় ক্রিকেটত বাংলাদেশৰ এয়া প্রথমটো বৃহৎ খিতাপ৷ ইয়াৰ পূর্বে দলটোৱে ছিনিয়ৰ অথবা জুনিয়ৰ পর্যায়ত কেতিয়াও আইচিচিৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ দক্ষিণ আফ্রিকাৰ ভূমিত বাংলাদেশৰ এই ঐতিহাসিক জয়ৰ মূলতে আছিল দলটোৰ সংঘবদ্ধ প্রদর্শন৷


 প্রথমতে বলিং আৰু ফিল্ডিঙত দুর্দান্ত প্রদর্শন আগবঢ়োৱাৰ পিছত দলটোৱে বেটিঙত যুঁজাৰু মানসিকতাৰ পৰিচয় দি ভাৰতৰ পৰা জয় আঁজুৰি আনিবলৈ সক্ষম হয়৷ বাংলাদেশৰ হৈ অ’পেনাৰ পাৰভেজ হুছেইন ইমনে সর্বাধিক ৪৭ আৰু অধিনায়ক আকবৰ আলীয়ে অপৰাজিতভাৱে ৪৩ ৰান সংগ্রহ কৰে৷ ভাৰতৰ হৈ প্রতিভাৱান লেগস্পিনাৰ ৰবি বিষ্ণৈ–এ চাৰিটা, সুশান্ত মিশ্রই দুটা আৰু যশস্বী জয়ছোৱালে এটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ বাংলাদেশে এটা সময়ত ৮৫ ৰানতে পাঁচটা উইকেট হেৰুৱাই পৰাজয়ৰ আশংকাত ভুগিছিল যদিও অধিনায়ক আকবৰ আলী, পাৰভেজ হুছেইন ইমনৰ দায়িত্বপূর্ণ বেটিঙৰ সহায়ত দলটোৱে স্মৰণীয় জয়ৰ সোৱাদ লাভ কৰে৷ ১৭৮ ৰানৰ লক্ষ্যৰ পিছ লৈ ৪১ অভাৰত ১৬৩ ৰান সংগ্রহ কৰাৰ সময়তে বৰষুণ অহাত বাংলাদেশে নতুনকৈ ১৭০ ৰানৰ লক্ষ্য লাভ কৰে৷ দলটোৱে ৪২.১ অভাৰত ৭ উইকেটৰ বিনিময়ত এই লক্ষ্যত উপনীত হৈ প্রথমবাৰৰ বাবে আই চি চি বিশ্বকাপত চুম্বন দিয়ে৷ ইয়াৰ পূর্বে ভাৰতে প্রথমে বেটিং কৰি ৪৭.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৭৭ ৰানহে সংগ্রহ কৰে৷ দলটোৰ হৈ অ’পেনাৰ জয়ছোৱালে ৮৮, তিলক বার্মাই ৩৮ আৰু ধ্রুৱ জুৰেলে ২২ ৰান কৰে৷ উল্লেখ্য যে যশস্বী জয়ছোৱালে প্রতিযোগিতাখনত মুঠ ৪০০ ৰানেৰে সর্বাধিক ৰান সংগ্রহকাৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

No comments:

Post a Comment

SPONSORED