ছাগলী-ব্ৰইলাৰ পোহাৰ বাবেই ৫ বছৰে এঘৰীয়া এটা পৰিয়াল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 14, 2020

ছাগলী-ব্ৰইলাৰ পোহাৰ বাবেই ৫ বছৰে এঘৰীয়া এটা পৰিয়াল

কমলপুৰ : যি সময়ত পশুপালনকে ধৰি বিভিন্ন কৃষি কাৰ্যৰ জড়িয়তে বহু যুৱক-যুৱতীয়ে স্বাবলম্বিতাৰ পথ বিচাৰিছে ঠিক সেইসময়তে ছাগলী আৰু ব্ৰইলাৰ পোহাৰ বাবেই এখন গাঁৱৰ ৰাইজে একাষৰীয়া কৰিছে এটা পৰিয়ালক। বিগত ৫ বছৰ ধৰি সমাজে জুই-পানী নিষিদ্ধ কৰিছে পৰিয়ালটোক।



 আনকি পৰিয়ালটোৰ দুই সন্তান সমাজৰ কোনো অনুষ্ঠান, বিবাহ-পাৰ্বন আদিলৈ গ’লেও সন্মুখীন হৈছে ৰাইজৰ তিৰস্কাৰৰ। তেওঁলোকৰ এটাই ভুল যে পিতৃ-মাতৃয়ে পৰিয়ালটোক পোহপাল দিবলৈ ছাগলী আৰু ব্ৰইলাৰৰ ব্যৱসায় কৰিছে।সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে কমলপুৰত। গাঁওখনৰ মণিয়েৰীৰ দামোদৰীয় সমিতিয়ে এই ব্যৱসায় কৰাৰ বাবেই এঘৰীয়া কৰিলে লিংকন ডেকা নামৰ লোকজনৰ পৰিয়ালক। ছাগলী আৰু ব্ৰইলাৰ পোহা এই সমিতিৰ নিয়মৰ পৰিপন্থী। উল্লেখযোগ্য যে বেংকৰ কিছু ধাৰ পৰিশোধ কৰিবৰ বাবে লিংকন ডেকাই প্ৰথমে গৰুৰ ব্যৱসায় আৰম্ভ কৰিছিল কিন্ত এই ব্যৱসায়ত লাভান্ৱিত নোহোৱাত তেঁও ছাগলী আৰু ব্ৰইলাৰৰ ব্যৱসায় আৰম্ভ কৰি বেংকৰ ধাৰ পৰিশোধ কৰিবলৈ সক্ষম হৈছে। এনে নিকৃষ্ট মানসিকতাৰ একাংশ লোকৰ বাবেই এতিয়া মানসিক ভাৱে ভাঙি পৰিছে লিংকন ডেকাৰ পৰিয়াল

No comments:

Post a Comment

SPONSORED