সক্ৰিয় ড্ৰাগছ ব্যসায়ী চক্ৰ হাউলীত ড্ৰাগছসহ পুনৰ দুজন আটক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 18, 2020

সক্ৰিয় ড্ৰাগছ ব্যসায়ী চক্ৰ হাউলীত ড্ৰাগছসহ পুনৰ দুজন আটক

হাউলী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাউলীতো সক্ৰিয় হৈ আছ নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ী চক্ৰ।হাউলী আৰক্ষীয়ে এদিন অগা - পিছা কৈ অভিযান চলাই আজি পুনৰ দুজন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিক হাউলীৰ পৰা নিচাযুক্ত দ্ৰব্য সহ হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।


ধৃত অপৰাধী ক্ৰমে-হাউলীৰ ৪নং ৱাৰ্ডৰ সুশান্ত সাহা (২৮)পিতা- ৺জয় কৃষ্ণ সাহা আৰু হাজীপাৰা গাৱৰ নাজিম উদ্দিন(৩৩)পিতা-ফৰমান আলী। দুয়োজনৰ পৰা আৰক্ষীয়ে দুই পেকেট নিচাযুক্ত দ্ৰব্য, মোবাইল ফোন আদি জব্দ কৰে। হাউলী থানাত ড্ৰাগছ ব্যৱসায়ী দুজনৰ বিৰদ্ধে এন,ডি,পি,এছ আইনৰ ধাৰা ২০(বি)ৰ অধীনত ৫৫/২০ নং গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰে।

No comments:

Post a Comment

SPONSORED