বলীউডত কেইগৰাকীমান অসম সন্তান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 9, 2020

বলীউডত কেইগৰাকীমান অসম সন্তান

বলীউডতে হিন্দী ভাষাত নির্মিত বাণিজ্যিক মূল সুঁতিৰ তথা কলাত্মক (আর্ট) চিনেমাত অভিনয় কৰিবলৈ দেশৰ লাখ লাখ যুৱক–যুৱতীয়ে সপোন দেখে৷ বলীউডত বছৰি তিনি শতাধিক হিন্দী চিনেমা নির্মাণ কৰা হয়৷ বলীউডৰ জনপ্রিয়তাৰ শীর্ষত থকা জনপ্রিয় ছবি পৰিচালক বিশেষকৈ ৰাজকুমাৰ হিৰাণী, অনুৰাগ কাশ্যপ, ৰোহিত ছেট্টী, ইমতিয়াজ আলী, মধুৰ ভাণ্ডাৰকাৰ, আদিত্য চোপ্রা আদিৰ পৰিচালনাত নির্মিত ছবিত অভিনয় কৰিবলৈ পোৱাটো এক সপোন৷ এইসকল পৰিচালকৰ ছবিত অভিনয় কৰিবলৈ সুযোগ পোৱাসকলক সৌভাগ্যৱান বুলিয়ে ক’ব লাগিব৷ বিশেষকৈ শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ছলমান খান, অজয় দেৱগন, আমিৰ খান, ৰণবীৰ কাপুৰ তথা বিদ্যা বালান, দীপিকা পাডুকন, আলিয়া ভাট আদি তাৰকা অভিনেতা–ভিনেত্রীৰ দৰে প্রতিষ্ঠিত হ’ব নোৱাৰিলেও বহুতেই জীৱনত এবাৰলৈ হ’লেও বলীউডৰ ছবিত অভিনয় কৰি চাবলৈ হাবিয়াস কৰে৷ বহু যুৱক–যুৱতীয়ে আকৌ হিন্দী চিনেমাত গীত গাই বা সংগীত পৰিচালক হিচাপে কাম কৰি বলীউডত প্রতিষ্ঠিত হ’ব বিচাৰে৷ আন বহুতেই আকৌ নৃত্য পৰিচালক, কলা নির্দেশক, শব্দযন্ত্রী হিচাপেও কাম কৰি বলীউডৰ ছবি উদ্যোগটোৰ লগত জড়িত হ’বলৈ বিচাৰে৷ কিন্তু এনেধৰণৰ কাম–কাজ কৰি বলীউডত প্রতিষ্ঠা লাভ কৰাটো মুঠেই সহজ কথা নহয়৷ বলীউডত কাম কৰিবলৈ সুযোগ পোৱাটো যথেষ্ট কষ্টকৰ আৰু প্রত্যাহ্বানমূলক৷ বিশেষকৈ দেশৰ হিন্দীবলয়ৰ অধিকাংশ হিন্দীভাষী মানুহে দপদপাই থকা বলীউডত কাম কৰিবলৈ সুযোগ পোৱাটো সহজ নহয়৷ কিন্তু তাৰ মাজতো সকলো প্রত্যাহ্বান নেওচি অসমৰ কেইবাগৰাকী যুৱক–যুৱতীয়ে বলীউডৰ ছবি উদ্যোগটোত কাম কৰিবলৈ এধানিমান স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে৷ ঐকান্তিক প্রচেষ্টা, প্রতিভা আৰু দক্ষতাৰ বলত বলীউডত কাম কৰিবলৈ সুযোগ পোৱা অসম সন্তানকেইগৰাকী হ’ল উর্মিলা মহন্ত, ভাস্কৰ শর্মা, মনোজ বৰকটকী, বলোৰাম দাস আদি৷ বলীউডত সীমা বিশ্বাস, আদিল হুছেইন, জিতু–তপন, জয়া শীল, দীপান্বিতা শর্মা, অমৃত প্রীতম আদিৰ পিছতে নীৰৱে কাম কৰি গৈছে এইসকল অসমীয়াই ৷
  • ভাস্কৰ শৰ্মা 
ভাস্কৰ শর্মাই হিন্দী ছবিত ছং মিক্সিং ইঞ্জিনীয়াৰ হিচাপে বর্তমান বলীউডত কাম কৰি আছে৷ অসমৰ নলবাৰীত জন্মগ্রহণ কৰা ভাস্কৰ শর্মাই ২০১৫ চনত নিজাকৈ এটা ষ্টুডি’ খুলি ছং মিক্সিঙৰ কাম আৰম্ভ কৰে৷ মুম্বাই বিশ্ববিদ্যালয় ছাউণ্ড ইঞ্জিনীয়াৰিং ক’চ অধ্যয়ন কৰা ভাস্কৰ শর্মাই ‘ইউফনি ষ্টুডি’’ নামেৰে ষ্টুডি’ খুলি কেইবাখনো হিন্দী ছবিৰ গানত মিক্সিঙৰ কাম কৰিছে৷ তেওঁ কাম কৰা ছবিকেইখন হ’ল হাফ গার্লফ্রেণ্ড, লাভ শ্বাগুন, ফ্রেডৰিক, বাৰাত কোম্পানী, লিজেণ্ড অৱ মাইকেল মিশ্র, হাইজেক, কাৰৱান, মতি চোৰ চ্যানক চোৰ আদি৷ তদুপৰি তেওঁ শৈশৱতে–ধেমালিতে, মাজৰাতি কেতেকী, চিঞৰ, মিছন চাইনা, গানে কি আনে, ৰ’দৰ চিঠি, সাত নম্বৰৰ সন্ধানত, ঈচু দূৰ আদি অসমীয়া ছবিত ছাউণ্ড মিক্সিঙৰ কাম কৰিছে৷ আনহাতে এছ বি আই, আই চি চি আই, আশীর্বাদ আটা, এল আই চি, ব্রিটেনিয়া ডায়েৰী, চিনে পলিচ, য়াপী নুডল্ছ, হিন্দুস্তান টাইম্ছ ভাদিলাল আদিৰ বিজ্ঞাপনতো কাম কৰিছে৷ ভাস্কৰ শর্মাই জনোৱা মতে, তেওঁ মাৰাঠী আৰু গুজৰাটী ভাষাৰ ছবিৰ গীতত মিক্সিঙৰ কাম কৰিছে৷ তেওঁ কৰা উৎকৃষ্ট কামৰ বাবে ২০১৭ চনত ৱেষ্ট ছং ইঞ্জিনীয়াৰ হিচাপে মির্চি মিউজিক এৱার্ড লাভ কৰাৰ উপৰি গপচপ মিউজিক এৱার্ড লাভ কৰিছে৷ শর্মাই জনোৱা মতে, তেওঁ বর্তমান কেইবাটাও এলবামৰ কামত ব্যস্ত হৈ আছে ৷
  • মনোজ বৰকাকতী
শিৱসাগৰৰ সুন্দৰ–সুঠাম দেহৰ যুৱক মনোজ বৰকাকতী এজন যথেষ্ট প্রতিশ্রুতিসম্পন্ন অভিনেতা৷ মনোজে কলেজীয়া দিনত বিভিন্ন নাটক আৰু দূৰদর্শনৰ ধাৰাবাহিকত অভিনয় কৰি দর্শকৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছিল৷ পৰৱর্তী সময়ত মনোজে অসমীয়া ছবি ‘এখন নেদেখা নদীৰ সিপাৰে’ত অভিনয় কৰে৷ ইয়াৰ পিছতে তেওঁ ‘ইম’ছ’ নামৰ চুটি ছবিখনত অভিনয় কৰে৷ যিখন ছবি ২০১১ চনত পাইৰ’কানচিছ ৩৫ এম এম চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰে৷ আনহাতে পুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত পুৰীৰ বিশেষ বঁটা লাভ কৰে৷ পৰৱর্তী সময়ত মনোজে মায়ানগৰী মুম্বাইত নিগাজিকৈ থাকি সহকাৰী পৰিচালক হিচাপে কাম কৰিবলৈ লয়৷ মনোজে ৬০টা টিভিৰ বিজ্ঞাপন আৰু দুখন তথ্যচিত্র সহঃ পৰিচালক হিচাপে পৰিচালনা কৰে৷ অভিনয় আৰু পৰিচালনাৰ সমান্তৰালকৈ তেওঁ ভইচ অভাৰ আর্টিষ্ট হিচাপেও কাম কৰিবলৈ লয়৷ মনোজে ২০১৪ চনত বলীউডত ‘গুল মাকাই’ নামৰ ছবিখনত অভিনয় কৰিবলৈ প্রথমটো ‘ব্রেক’ পায়৷ অৱশ্যে দুর্ভাগ্যবশতঃ ছবিখনে মুক্তিলাভ নকৰিলে৷ পৰৱর্তী সময়ত মনোজে ‘এইচা য়ে জাহা’ নামৰ ছবিখনত অভিনয় কৰে৷ পৰৱর্তী সময়ত মনোজে দ্য হেড হাণ্টাৰ (ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত), গুলাবী (মাৰাঠী), ইছ্যু, সীমা দ্য আনটোল্ড ষ্টোৰী (অসমীয়া) আদি ছবিত সুন্দৰ অভিনয় কৰি দর্শকৰ সৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে থিয়েটাৰতো অভিনয় কৰা মনোজে অসমীয়া হিন্দী, উর্দু, ইংৰাজী আদি ভাষাৰ ২০খনতকৈ অধিক নাটকত অভিনয় কৰিছে৷ মনোজে অভিনয় কৰা উল্লেখযোগ্য নাটকসমূহৰ ভিতৰত হেলমেট, অভিযানম, গান্ধী নে কাহা থা, লাইচেন্স এনট্রপী, ৰেইন ইন দ্য ফায়াৰ, অষ্টৰং আদি অন্যতম৷ মনোজে ইম’ছ’ৰ উপৰি বিং জবলেছ, আয়ো খেলো ছাফাৰি ছাফাৰি, এইড্ছ, নট টুডে’, ব্রেথ ভিজন আদি চুটি ছবিত অভিনয় কৰিছে৷ আনহাতে টেলিভিছনত মনোজে অভিনয় কৰা ধাৰাবাহিকৰ ভিতৰত এক নয়া চবেৰা, ক্রাইম পেট্র’ল, সাৱধান ইণ্ডিয়া, ফীয়েৰ ফাইল্ছ, কপ্পা আদি৷ মনোজে বর্তমান অনুৰাগ কাশ্যপ পৰিচালিত ৱেব ছিৰিজ ছিক্রেট গেমছৰ শ্বুটিং সম্পূর্ণ কৰাৰ লগতে লাভ ইন টেক্সি আদিত অভিনয় কৰি আছে ৷
  • উৰ্মিলা মহন্ত
মহাৰাষ্ট্রৰ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয় বিষয়ত স্নাতক ডিগ্রীধাৰী উর্মিলা মহন্তই বালাজী শক্তি ভেল পৰিচালিত তামিল ছবি ভাজাহক্কু এন ১৮.৯ত প্রথম অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে৷ আনহাতে উর্মিলা মহন্তই কেতন মেহেতা পৰিচালিত ‘মাঞ্জীঃ দ্য মাউণ্টেইন মেন’ ছবিখনেৰে বলীউডত প্রথম খোজ পেলায়৷ পৰৱর্তী সময়ত তেওঁ আৰ বাল্কী পৰিচালিত ‘পেডমেন’, এ আৰ মুর্গডছ পৰিচালিত ‘আকিৰা’, দিলীপ কুমাৰ মুখার্জী পৰিচালিত ‘পৰেচানপুৰ’, জিয়া উল্লা খান পৰিচালিত ‘বিক্রম’ আদি মুল সূঁতিৰ হিন্দী ছবিত অভিনয় কৰে৷ উর্মিলা মহন্তই আলমৰ চন্দ্র মুদৈ পৰিচালিত ‘পূৰব কি আৱাজ’ ছবিখনতো অভিনয় কৰিছে৷ মহন্তই অসমীয়া ছবি ক্রমে টি আৰ পি, অন্তৰীণ, বকুল, কথানদী, এপাহ ফুলিল এপাহ সৰিল আদিকে ধৰি বেংগলী, মালায়লম আৰু তেলুগু ভাষাৰ ছবিতো অভিনয় কৰিছে৷ কেইবাখনো হিন্দী ভাষাৰ নাটক আৰু হিন্দী ভাষাৰ ধাৰাবাহিকত অভিনয় কৰা মহন্তই মেগী, সুলেখা.কম, জে এছ এছ কে আদি বিজ্ঞাপনতো অভিনয় কৰিছে৷ তদুপৰি তেওঁ ‘বিয়ন ঃ দ্য উড্ছ’ নামৰ এখন ইৰানৰ ছবিত অভিনয় কৰিছে৷ অসমৰ সোণাপুৰত জন্ম গ্রহণ কৰা উর্মিলা মহন্তই জাপানৰ টকি’ত অনুষ্ঠিত ইণ্ডিয়া ফিল্ম এৱার্ডছ অনুষ্ঠানত ‘ভিৰাম’ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰিছে৷ তদুপৰি পাটনা আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত শ্রেষ্ঠ মহিলা অভিনেত্রীৰ উপৰি কেইবাটাও ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী বঁটা লাভ কৰিছে উর্মিলা মহন্তই৷ এইগৰাকী অসম সন্তানে বর্তমান কুলদীপ পেটেল পৰিচালিত ‘পৱাই’ নামৰ ছবিখনৰ অভিনয়ত ব্যস্ত আছে৷ উর্মিলা মহন্তই জনোৱা মতে বর্তমানলৈকে তেওঁ হিন্দী ছবিকে ধৰি মুঠ ২০খন ছবিত অভিনয় কৰিছে ৷
  • বলোৰাম দাস
গুৱাহাটীত জন্মগ্রহণ কৰা বলোৰাম দাস বলীউডত সোণালী খোজ পেলোৱা এজন অন্যতম অসমীয়া৷ সৰুৰে পৰা অভিনয়ৰ প্রতি আগ্রহী বলোৰামে জ্যোতি নামৰ নাট্যগোষ্ঠী এটাত জড়িত হৈ অভিনয় কৰিছিল৷ বি বৰুৱা কলেজৰ পৰা বায়’কেমেষ্ট্রীত স্নাতক ডিগ্রী লোৱা বলোৰামে ২০০৯ চনত নেচনেল স্কুল অৱ ড্রামাৰ পৰা পোষ্ট গ্রেজুৱেট ডিগ্রী লয়৷ তেওঁ ‘জাংগুৰা’ নামৰ ‘মিউজিকেল প্লে’ এখনত অভিনেতা হিচাপে অভিনয় কৰে৷ ২০১৩ চনত মুম্বাইত থাকিবলৈ লোৱা বলোৰাম দাসে ৰমি’ এণ্ড জুলিয়েট, মায়ানগৰ বেজ, মিছ জুলী, দ্য ব্লেক ৰাছিয়ান আদিকে ধৰি হিন্দী আৰু ইংৰাজী ভাষাৰ মুঠ ৩০খন নাটকত অভিনয় কৰিছে৷ অসমীয়া ছবি ‘অন্তৰীণ’ত অভিনয় কৰা দাসে গব্বৰ ইজ বেক, হাইজেক, কাৰৱান, ব্লেংক আদি মূল সূঁতিৰ বলীউডৰ বাণিজ্যিক ছবিত অভিনয় কৰিছে৷ আনহাতে দাসৰ কেইখনমান উল্লেখযোগ্য চুটি ছবি হ’ল– ‘দো কে তিন, মিৰচি লাইট, লিয়াকট (অসমীয়া) আদি৷ বলোৰাম দাসে বয়গিৰি, টাইপ ৰাইটাৰ আদি ৱেব ছিৰিজতো অভিনয় কৰি দর্শকৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ তদুপৰি বাণিজ্যিক বিজ্ঞাপন ক্রমে পার্লে গোল্ড ষ্টাৰ কুকিছত মেগা ষ্টাৰ অমিতাভ বচ্চনৰ লগত অভিনয় কৰিছে বলোৰাম দাসে৷ সেইদৰে অজয় দেৱগণৰ লগত হাজমোলাৰ বিজ্ঞাপনত দাসে অভিনয় কৰিছে৷ এক্সিছ বেংক, হুণ্ডাই, ছুইগী ফুড ডেলিভাৰী এগ, টাটা স্কাই, টাটা ডক’মক’, ইছাৰ, ৰামবন্ধু পাপৰ আদি বিজ্ঞাপনত অভিনয় কৰি বলোৰাম দাস টিভিৰ দর্শকসকলৰ মাজত চিনাকি মুখ হৈ পৰিছে৷ দাসৰ মুক্তি পাবলগা ছবিকেইখন হ’ল ওম পোৰাৰ বিকেন আৰু মাডাম জী ৷

No comments:

Post a Comment

SPONSORED