মন্ত্রীৰ পাৰদর্শিতাৰ ৰিপ’র্ট কার্ড বিচাৰিলে বিধায়কে! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 10, 2020

মন্ত্রীৰ পাৰদর্শিতাৰ ৰিপ’র্ট কার্ড বিচাৰিলে বিধায়কে!

গুৱাহাটী : বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ৰিপ’র্ট কার্ড চাইহে বর্তমানৰ বিধায়কসকলক প্রার্থিত্ব প্রদানৰ কথা ঘোষণা কৰাৰ লগে লগে বিজেপি বিধায়িনী দলৰ মাজত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ কালি সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে বিধায়কে প্রার্থিত্ব লাভৰ ক্ষেত্রত পাৰদর্শিতা প্রদর্শন মাপকাঠী বুলি উল্লেখ কৰাৰ পাছৰে পৰা শাসক দলটোত একপ্রকাৰ ধুমুহাৰ সৃষ্টি হৈছে৷ বিজেপি বিধায়কসকলে এতিয়া মন্ত্রীৰ পাৰদর্শিতাক লৈ প্রশ্ন উত্থাপন কৰিছে৷


ৰাজ্যিক সভাপতিৰ এই মন্তব্যৰ পাছত ক্ষুণ্ণ হৈ পৰিছে বিজেপিৰ একাংশ বিধায়ক৷ তেওঁলোকে সভাপতিৰ বিৰুদ্ধে পোনপটীয়াকৈ মন্তব্য কৰা নাই যদিও চৰকাৰৰ বিৰুদ্ধে প্রশ্ন উত্থাপন কৰিছে৷ বিজেপিৰ বিধায়কসকলৰ মতে যদি চৰকাৰে আঁচনি বা উন্নয়নমূলক কামৰ সুযোগ নিদিয়ে, তেন্তে বিধায়কসকলে পাৰদর্শিতা কেনেদৰে প্রদর্শন কৰিব? বিধানসভাৰ নির্বাচনলৈ এটা বছৰৰো অধিক সময় আছে যদিও শাসক দলটোৱে বিধায়কৰ পাৰদর্শিতা পর্যালোচনা কৰি নতুন মুখৰ সন্ধান আৰম্ভ কৰাৰ লগে লগে বিধায়িনী দলটোত এতিয়া তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷


হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিধায়কৰ কাম-কাজ নহয়, মন্ত্রীৰ পাৰদর্শিতা চাই ৰিপ’র্ট কার্ড দিয়ক৷ তেওঁ কয় যে কার্যকাল অন্ত পৰাৰ পাছত তেওঁ কৰা উন্নয়নমূলক কাম-কাজৰ ৰিপ’র্ট কার্ড সমষ্টিবাসীয়ে দিব৷ বিধায়কে ঠিক মতে কাম কৰিছেনে নাই, তাৰ জৰীপ হ’ব লাগে বুলি উল্লেখ কৰি বিধায়কজনে কয় যে মন্ত্রীয়ে যদি ভালকৈ কাম নকৰে, তেন্তে বিধায়কে ভালকৈ কাম কৰিব নোৱাৰে৷


মন্ত্রীয়ে ভালকৈ কাম কৰিলেহে বিধায়কে কাম কৰিব পাৰে বুলি উল্লেখ কৰি বিধায়ক শিলাদিত্য দেবে কয় যে তেওঁ দহৰ ভিতৰত কিমান নম্বৰ পাব সেই কথা ৰাইজে বিচাৰ কৰিব৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ মন্তব্যৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি বিধায়ক প্রশান্ত ফুকনে কয় যে চৰকাৰৰ পইচা আছে, কিন্তু আচঁনি মন্ত্রীয়ে গ্রহণ কৰি সেই আঁচনি ৰূপায়ণৰ বাবে বিধায়কক সুবিধা দিছে নে নাই তাৰ ওপৰতহে বিধায়কৰ পাৰদর্শিতা নির্ভৰ কৰিব৷ আঁচনি দিয়াৰ পাছতো যদি বিধায়কে কাম কৰিব পৰা নাই, তেতিয়াহে প্রার্থিত্ব দিয়া নিদিয়াৰ যুক্তি থাকিব৷

No comments:

Post a Comment

SPONSORED