বাংলাদেশলৈ নিমন্ত্ৰণ অসমৰ বিশিষ্ট কবি, লেখক গুণ মৰাণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 10, 2020

বাংলাদেশলৈ নিমন্ত্ৰণ অসমৰ বিশিষ্ট কবি, লেখক গুণ মৰাণ

গুৱাহাটী : বাংলাদেশলৈ নিমন্ত্ৰণ লাভ কৰিছে অসমৰ বিশিষ্ট কবি, লেখক গুণ মৰাণ। এগৰাকী ভাৰতীয় মূলৰ লেখক হিচাপে বাংলাদেশৰ ঢাকা ফেষ্টিভেলত অংশ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে নিমন্ত্ৰনী পত্ৰ প্ৰেৰণ কৰিছে।


ইউৰোপ, এছিয়া, আমেৰিকা আৰু নেপালৰ বহু কবি লেখকে এই ফেষ্টিভেলত অংশ লব। অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপৰ বগুৰা জিলাত এই ঢাকা ফেষ্টিভেল অনুষ্ঠিত হব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে, বিশিষ্ট কবি গুণ মৰাণ বহু ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ লগতে সম্বৰ্ধিতও হৈছে।

No comments:

Post a Comment

SPONSORED