সমাজত বৃদ্ধি পোৱা সংঘর্ষ আৰু অসন্তুষ্টিয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকা সজীৱ কৰি তুলিছে : মোহন ভাগৱত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 17, 2020

সমাজত বৃদ্ধি পোৱা সংঘর্ষ আৰু অসন্তুষ্টিয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকা সজীৱ কৰি তুলিছে : মোহন ভাগৱত

আহমেদাবাদ : সমাজত বৃদ্ধি পোৱা সংঘর্ষ আৰু অসন্তুষ্টিয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকা সজীৱ কৰি তুলিছে৷– শেহতীয়াকৈ এই মন্তব্য কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে৷ সংগঠনটোৰ শীর্ষ নেতাগৰাকীয়ে আহমেদাবাদত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে তৃতীয় বিশ্ব যুদ্ধৰ আশংকা আহি পৰিছে৷ বিশ্ববাসীৰ মাজত দূৰত্ব কমিছে, কিন্তু দুখনকৈ বিশ্ব যুদ্ধৰ প্রক্রিয়াই পুনৰ স্থান লাভ কৰিছে বুলি উল্লেখ কৰি তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হোৱাৰ কথা দোহাৰে নেতাগৰাকীয়ে৷


 বিভিন্ন পর্যায়ত এই তৃতীয় বিশ্বযুদ্ধৰ প্রক্রিয়া চলা বুলি উল্লেখ কৰে ভাগৱতে৷ বিশেষকৈ সমাজত সংঘর্ষ আৰু অসন্তুষ্টিয়ে বিশ্ব যুদ্ধৰ এই আশংকা তীব্রতৰ কৰাৰ যুক্তি দর্শাই নেতাগৰাকীয়ে কয় যে সকলোৱে এতিয়া প্রতিবাদত লিপ্ত৷ প্রতিষ্ঠানৰ মালিক, কর্মচাৰী, চৰকাৰ, জনসাধাৰণ, শিক্ষার্থী, শিক্ষক সকলোৰে মাজত চলিছে কেৱল মতানৈক্য৷ কোনোৱেই যেন এতিয়া সুখী নহয়৷ গতিকে বিশ্বজুৰি ইয়াৰ দ্বাৰা যুদ্ধৰ আশংকা বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে ভাগৱতে৷

No comments:

Post a Comment

SPONSORED