বিশ্ব মহাবীৰ চিলাৰায় দিৱসঃ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ চিলাৰায় বঁটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 9, 2020

বিশ্ব মহাবীৰ চিলাৰায় দিৱসঃ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ চিলাৰায় বঁটা

গুৱাহাটী : আজি মহাবীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় দিৱস । কোচ ৰজাৰ নৰনাৰায়ণৰ ভাতৃ তথা সুদক্ষ সেনাপতি চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ । চিলাৰ দৰে ৰণক্ষেত্ৰত জপিয়াই পৰাৰ বাবে এইগৰাকী পৰাক্ৰমী বীৰ চিলাৰায় ৰূপে পৰিচিত হৈছিল ।


মহান বীৰ পুৰুষজনৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে চিলাৰায় দিৱস । অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত বঙাইগাঁৱৰ আই টি আই ফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ ।

চৰকাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীতে প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন বঁটাপ্ৰাপক ভোগশ্বৰ বৰুৱাক ২০১৯ বৰ্ষৰ বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হ’ব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা প্ৰদান কৰিবলগা এই অনুষ্ঠানত উপস্থিত থাকিব আৰু বহুকেইজন মন্ত্ৰী তথা বিধায়ক ।

No comments:

Post a Comment

SPONSORED